
নলবাৰীঃ বৰক্ষেত্ৰীত কংগ্ৰেছৰ অচ্ছে দিন৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীত অগপ, ইউডিএফ দলে বলে কংগ্ৰেছত যোগদান কৰা কাৰ্যই অনাগত দিনত সমষ্টিটোত পট পৰিবৰ্তন হোৱাৰ আশংকা ব্যক্ত কৰিছে একাংশ লোকে৷ প্ৰায় ১৫ দিন পূৰ্বে মুকালমুৱা ৰাজীৱভৱন প্ৰাংগণত এখন সভাত কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিত দুই শতাধিক লোকে অইন দল এৰি কংগ্রেছত যোগদান কৰিছিল।
বৃহস্পতিবাৰে পুনৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ পৰা কেইবাগৰাকী অগপ আৰু ইউডিএফ নেতাই প্ৰাক্তন বিধায়ক ডঃ ভূমিধৰ বৰ্মন উপস্থিতিত কংগ্রেছত যোগদান কৰে। দলে-বলে কংগ্ৰেছ দলত যোগদান কৰাত বৰক্ষেত্ৰীত অনাগত পঞ্চায়ত নিৰ্বাচন আৰু বিধান সভা নিৰ্বাচনত ভাল ফল দেখুৱাব বুলি বৰক্ষেত্ৰীৰ একাংশ ৰাইজে দাবী কৰিছে৷