গোপালথানৰ ৮৪তম্ বাৰ্ষিক সভা মহোৎসৱ পালন

বৰনদ্দীঃ নলবাৰীৰ জিলাৰ গোপালথানত গো পালন সমিতিৰ উদ্যোগত মঙলবাৰৰপৰা ১৬ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে ৮৪ তম্ বাৰ্ষিক সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। 

কাৰ্য্যসূচী অনুসৰি কালি ৰাতিপুৱা ৮ বজাত পতকা উত্তোলন, ৮-৩০বজাত স্মৃতি তৰ্পন, সন্ধিয়া ৬ বজাত মন্দিৰৰ দ্বাৰ উন্মোচন, ৬-৩০ বজাত বন্তি প্ৰজ্বলন, ৭বজাত ধৰ্মীয় শোভাযাত্ৰা, ৮বজাত নাম-কীৰ্তন৷  আনহাতে, ১৫ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা প্ৰাতঃপ্ৰসংগ,১০ বজাত গো-পূজা ও হোম পাঠ, দিনৰ ১২-৩০ বজাত শান্তি ও পুষ্পাঞ্জলি প্ৰদান, ১বজাত ভোগ বিতৰন, আবেলি ৪ বজাত নাগাৰাৰ নাম অনুষ্ঠিত হ’ব৷

১৬ ফেব্ৰুৱাৰীৰৰ ৰাতিপুৱা ৭ বজাত প্ৰাতঃপ্ৰসংগ, ৮ বজাত যুগল, আবেলি ৪ বজাত নাগাৰাৰ নাম, নিশা ৮ বজাত জাগৰন মিনি থিয়েটাৰৰ নাট্যভিনয় অনুষ্ঠিত হ’ব।

ইতিমধ্যে ৮৪ তম্ গোপালথানৰ সভা মহোৎসৱ পৰিচালনা কৰাৰ বাৱে হৰগোবিন্দ ডেকাক সভাপতি, মহেশ ডেকাক উপ-সভাপতি, মুনিন তালুকদাৰক সম্পাদক, অৱণী মোহন ডেকা আৰু দ্বিজেন মেধিক সহঃ সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে।