মৃত ব্যক্তিৰ বিৰুদ্ধে এনআৰচিত অভিযোগ... উদ্দেশ্য কি? ব্যক্তিবিশেষক হাৰাশাস্তি কৰা নে প্ৰক্ৰিয়া বিলম্বন?

ছাহিদ আলি আহমেদ, বৰপেটাঃ এজন মৃত ব্যক্তি সন্দেহজনক বিদেশী হোৱাৰ অভিযোগ! হয়, বৰপেটাৰ সৰ্বত্ৰে এতিয়া চৰ্চা লাভ কৰিছে এই বিষয়টোৱে৷

প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছেগৈ ৰাজ্যৰ এনআৰচি উন্নীতকৰণৰ কাম৷ যুদ্ধকালীন ক্ষীপ্ৰতাৰে চলিছে এনআৰচিত অন্তৰ্ভুক্ত নামৰ বিপৰীতে দাখিল হোৱা সন্দেহজনক বিদেশী অভিযোগৰ শুনানি-প্ৰক্ৰিয়া৷ 

কিন্তু প্ৰকৃতাৰ্থত এই অভিযোগৰ ভিত্তি কিমান, সেইটোহে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে৷ অভিযোগৰ অচিলাৰে কেৱল হাৰাশাস্তিৰ সন্মুখীন হ'ল লক্ষ লক্ষ ভাৰতীয় নাগৰিক৷ তাৰোপৰি অভিযোগকাৰীৰ পৰিচয়ৰ নামত কেৱল মাত্ৰ এটা নাম; তাৰ বাবে নাই কোনো পৰিচয়-মাৰফৎ৷ 

কোনো এজন লোক সন্দেহজনক বিদেশী বুলি অভিযোগ দাখিল থিকেই হ'ল, তেওঁ শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণো কৰিলে৷ কিন্তু উপস্থিতহে নহ'ল অভিযোগকাৰী৷ অসহায় ৰাইজ; কিনো প্ৰতিবাদ কৰিব! শুনানিও দিলে, অভিযোগকাৰীৰ পৰিচিতি অবিহনে উভতিও আহিল৷ অভিযোগ মিছা হ'লে অভিযোগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পৰা সুবিধাৰপৰাও বঞ্চিত ভুক্তভোগী৷

ৰাজ্যৰ এনআৰচি প্ৰক্ৰিয়াত এইখন এতিয়া এক সুলভ ছবি৷ বৰপেটাত হোৱা অভিযোগৰ এই খবৰ ইয়াতকৈও আমোদজনক৷

ঠিকনাবিহীন এজনে অভিযোগ দাখিল কৰিলে মৃত ব্যক্তিৰ নামতো৷ দিন দিয়েক পূৰ্বে বৰপেটা চহৰৰ মুছলিমপট্টি নিৱাসী এটা গৰিয়া পৰিয়াললৈ এনআৰচি কৰ্তৃপক্ষৰপৰা আহিল এক জাননী৷ শুনানিত হাজিৰ হ'ব লাগে; তেওঁলোকৰ পৰিয়ালৰ প্ৰয়াত সদস্য আব্দুল খালেকৰ বিৰুদ্ধে দাখিল হৈছে সন্দেহজনক বিদেশী হোৱাৰ অভিযোগ৷ 

জাননী পাই হতবাক পৰিয়াল৷ উল্লেখ্য যে মুছলিমপট্টি বাসিন্দা আব্দুল খালেকৰ এনআৰচি প্ৰক্ৰিয়াত নাম অন্তৰ্ভুক্তৰ আবেদন দাখিলৰ পাছত বিগত ২০১৬ বৰ্ষৰ ১২ মাৰ্চত হৈছিল দেহাৱসান৷ ঘৰখনত ৪-৫ টাকৈ জীৱিত সদস্য থকাৰ পাছতো মৃত ব্যক্তিৰ নামত অভিযোগ দাখিল হ'ল কিয়? 

২০ মে'ত আছিল পৰিয়ালটোৰ শুনানিৰ দিন৷ অংশগ্ৰহণ কৰিলে পৰিয়ালটোৱে৷ কিন্তু শুনানি প্ৰক্ৰিয়াত উপস্থিত নহ'ল অভিযোগকাৰী৷ অভিযোগকাৰীৰ পৰিচয় জানিবলৈ বিচৰাত সংশ্লিষ্ট বিষয়াই জনালে কেৱল এটা নাম; নাই কোনো ঠিকনা-মাৰফৎ৷ জনৈক দিব্যজ্যোতি দাসে দাখিল কৰিছে অভিযোগ৷ 

এই নামমাত্ৰ তথ্য লৈয়ে উভিতবলগীয়া হ'ল পৰিয়ালটো৷ বঞ্চিত হ'ল আইনী ব্যৱস্থা লোৱা সুবিধাৰপৰাও৷ তথাপিও মিছা অভিযোগত হাৰাশাস্তি খোৱা পৰিয়ালটোৱে কামনা কৰিছে এনআৰচি প্ৰক্ৰিয়া শুদ্ধ ৰূপত সম্পন্ন হোৱাটো৷

অনাগত দিনতো পূৰ্ণ সহযোগৰ কথাও কৈছে পৰিয়ালটোৱে৷ কিন্তু প্ৰশ্ন হয়, অভিযোগৰ সুবিধাৰ অপব্যৱহাৰৰ এই দুষ্টচক্ৰই মৃত ব্যক্তিৰ বিৰুদ্ধে অভিয়োগ দাখিল কৰি আচলতে কি হাচিল কৰিব বিতাৰিছে? এই দুষ্কাৰ্যৰ অন্তৰালত বৃহৎ ৰাজনৈতিক অভিসন্ধি লুকাই থকাৰে ই প্ৰতিফলন নহয়নে? এনআৰচিক বিফল কৰাৰ চলিছে নেকি ব্লুপ্ৰিণ্ট?