
ডিজিটেল ডেস্কঃ বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে শুকুৰবাৰে এটি অনুষ্ঠানত অংশ লৈ মোৰ নামৰ সৈতে গান্ধী নাথাকিলে মই ভাষণ দিব নোৱাৰিলো হেতেন বুলি কয়৷ বৰুণে কয়, সংসদত ১১ শতাংশ আৰু বিধান সভাত ৯ শতাংশ মহিলা আছে৷ এই স্থিতিও সলনি কৰিব লাগে৷
We need to not depend on people, we need to depend on systems and institutions because anyone can go bad, anybody can be corrupt & anybody can favour the wrong people. Problem with our country is that we are not challenging the systems enough: Varun Gandhi in Coimbatore pic.twitter.com/oP0dqNEOu0
— ANI (@ANI) March 2, 2018
মোৰ নামৰ সৈতে গান্ধী নাথাকিলে মই আজি ইয়াত ভাষণ দি নাথাকিলো হেতেন৷ এই পৰিৱেশ সলনি কৰিব লাগে৷ মানুহে ব্যৱস্থাক প্ৰত্যাহ্বান নজনাই বুলি কয়৷ ৰাজনৈতিক ব্যৱস্থা সলনি কৰাৰ কথাও কয়৷ বৰুণে অধিকাৰৰ কথা কৈ মহিলাক ৰাজনীতিত ভাগ লোৱাৰ কথা উল্লেখ কৰে৷
জনসাধৰণে জনপ্ৰতিনিধি সন্দৰ্ভত বেছি গম্ভীৰ নহয়৷ যাৰ বাবে জাতি-ধৰ্মৰ হিচাপত নেতা নিৰ্বাচন কৰে৷ শুকুৰবাৰে য়ুথ কনক্লেভ উদ্ধোধন কৰি জনসাধৰণক Right To Recall চমুকৈ RTRৰ অধিকাৰ পাব লাগে বুলি কয়৷ ইয়াৰ ভুল ব্যৱহাৰ হ’ব পাৰে কিন্তু গণতন্ত্ৰ মজবুত হ’ব বুলি কয়৷ তাৰ লগে লগে সাংসদৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰতো সমালোচনা কৰে৷