বটদ্ৰৱাৰ উন্নয়নত নামিল বিধায়িকা আঙুৰলতা

ধিংঃ মাতৃ হোৱাৰ সাফল্য অৰ্জন কৰি বহুদিন বিৰতিৰ পিছত পুনৰ বটদ্ৰৱা সমষ্টিৰ উন্নয়নমূলক কামত অংশগ্ৰহণ কৰিলে বিধায়িকা অাঙুৰলতা ডেকাই। লক্ষ্য, বটদ্ৰৱা সমষ্টি ১২৬ টা সমষ্টিৰ ভিতৰত পথ উন্নয়নত যাতে প্ৰথম হয়। সেয়ে, মঙলবাৰে সমষ্টিটোৰ কপাহেৰা অঞ্চলৰ দুটাকৈ পকী পথৰ অাধাৰশিলা স্থাপন কৰে বিধায়িকা গৰাকীয়ে।

তাৰে এটি পথৰ নাম অঞ্চলটোৰ গৌৰৱ ৪২ৰ ছহিদ গুনাভিৰাম বৰদলৈৰ নামেৰে নামাকৰণ কৰে বিধায়িকা গৰাকীয়ে। অাধাৰশিলাৰ পিছতেই ঠিকাদাৰক উদ্দেশ্যি স্বভাৱ সুলভ সেই একেই ধমকি। কামত যদি অভিযোগ অাহে তেতিয়াহলে এইটোৱেই সমষ্টিটোত ঠিকাদাৰজনৰ প্ৰথম অাৰু শেষ কাম হ’ব।

প্ৰায় ২.৬৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া মুঠ ৩ কিঃমিঃ দৈৰ্ঘ্যৰ গড়কাপ্তানি বিভাগৰ এই পথ দুটাৰ নিৰ্মাণৰ সময়ত যাতে স্থানীয় লোকে দৃষ্টি ৰাখে সেই অাহ্বানো কৰিলে বিধায়িকা অাঙুৰলতাই। দুটাকৈ গড়কাপ্তানি পথৰ অাধাৰশিলাৰ পিছতেই সমষ্টিটোৰ কপাহেৰা খেলপথাৰত এখন ফুটবল প্ৰতিযোগিতা মুকলি অনুষ্ঠানটো অংশগ্ৰহণ কৰে বিধায়িকা গৰাকীয়ে।

উল্লেখ্য যে, বিধায়িকা অাঙুৰলতাই ফুটবলত কিক মাৰি শুভ উদ্বোধন কৰা ব্যতিক্ৰমী দৃশ্যই অামোদ দিয়ে শতাধিক দৰ্শকক। প্ৰতিযোগিতাৰ অাৰম্ভনিতে খেলুৱৈ সকলৰ লগত কৰমৰ্দন কৰে বিধায়িকাৰ লগতে স্বামী তথা অভিনেতা অাকাশদ্বীপ ডেকাই।