
কোকৰাঝাৰঃ বাথৌ ধৰ্মক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আন্তৰিক ধন্যবাদ। পশ্চিমবংগ, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰাকে ধৰি যত যত বড়োসকলে বসবাস কৰি আছে সেই ঠাইবোৰোতো বাথৌ ধৰ্মক চৰকাৰীভাৱে স্বীকৃতি দিয়াৰ প্ৰচেষ্টা চলোৱা হ’ব আৰু এই প্ৰচেষ্টা হ’ব ৰাজনৈতিক। এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

কোকৰাঝাৰ বাগানশালীস্থিত বাথৌ মন্দিৰত বাথৌ দিৱস উপলক্ষে অনুষ্ঠিত হোৱা জনসভাত অংশগ্ৰহন কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰক বড়ো সকলৰ পৱিত্ৰ বাথৌ দিৱস হিচাপে ৰাজ্যিক বন্ধ তালিকাত অন্তৰ্ভূক্ত কৰাত বাথৌ ধৰ্মীয় লোকসকলে কেন্দ্ৰীয়ভাৱে কোকৰাঝাৰত বাথৌ দিৱস উদযাপন কৰে।
সেই উপলক্ষে কোকৰাঝাৰ চহৰৰ বাগানশালীস্থিত বাথৌ থানসালি’ত "গৗথাৰ বাথৌ ছান" দিৱসত ব্যাপক উলহ-মালহেৰে উদযাপন কৰা হয়। সদৌ বাথৌ মহাসভাৰ উদ্যোগত মঙলবাৰে কেন্দ্ৰীয়ভাৱে কোকৰাঝাৰত উদযাপন হোৱা পৱিত্ৰ বাথৌ (গৗথাৰ বাথৌ ছান) দিৱসৰ দিনজোৰা কাৰ্যসূচীত হাগ্ৰামা মহিলাৰীয়ে বাথৌ দিৱসক ৰাজ্য চৰকাৰে স্বীকৃতি প্ৰদান কৰাত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যত বাথৌ ধৰ্মক স্বীকৃতি প্ৰদানৰ প্ৰচেষ্টা চলোৱা হ’ব।

বাথৌ ধৰ্ম হ'ল বড়োসকলৰ আদি ধৰ্ম বুলি কৈ নিৰ্বাচনৰ বতৰ আহি আছে আৰু কেম্পেইন কৰিবলৈ যোৱাৰ সময়তে উত্তৰ পূৱৰ আন ৰাজ্যত বাথৌ ধৰ্মক কমেও সীমিত বন্ধৰ তালিকাক অন্তৰ্ভূক্ত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব বুলি কয়। বাথৌ দিৱস উত্তৰ পূৱৰ সকলো বড়ো প্ৰধান এলেকাত উদযাপিত হোৱা বুলিও সদৰি কৰে হাগ্ৰামা মহিলাৰীয়ে।
ইপিনে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বাথৌ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জনজাতিসকলৰ বাথৌ ধৰ্মক স্বীকৃতি দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি বাথৌ ধৰ্ম বড়োসকলৰ আদি ধৰ্ম বুলি উল্লেখ কৰি ইয়াৰ সৈতে বড়োসকলৰ সংস্কৃতি জড়িত আছে বুলি মন্তব্যৰে সংস্কাৰৰ প্ৰয়োজনীয়তাও উল্লেখ কৰে।

সভাত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে নিজৰ দীঘলীয়া ভাষণত বাথৌ ধৰ্মৰ ইতিহাস, প্ৰসাৰ আৰু প্ৰচাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আনহাতে সভাত আদৰণি ভাষণ আগবঢ়ায় উদযাপন সমিতিৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মনো কুমাৰ ব্ৰহ্মই। ইয়াৰ পূৰ্বে পুৱা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা উদযাপন সমিতিৰ অধ্যক্ষ মনোকুমাৰ ব্ৰহ্মই পতাকা উত্তোলন কৰাৰ পিছতে কোকৰাঝাৰ চহৰৰ উমশ্ৰী হোটেলৰ স্বতাধিকাৰী জ্যোতিকা ব্ৰহ্মই শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে।
কাৰ্যসূচী অনুসৰি কোকৰাঝাৰ এম আৰ এম নাৰ্ছিহোমৰ স্বত্বাধিকাৰী শিউলী মহিলাৰীয়ে পুৱাৰ প্ৰাৰ্থনা কাৰ্যসূচী উদ্ধোধন কৰে। বাথৌ দিৱস উপলক্ষে কোকৰাঝাৰ সদৰ চহৰত এক বিশাল শোভাযাত্ৰা উলিয়াই হয় যত হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত বাথৌ ধৰ্মীয় গুৰুসকল, বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীকে ধৰি বহু বিশিষ্ট ব্যাক্তিয়ে অংশগ্ৰহণ কৰে৷