
তেজপুৰঃ তেজপুৰ মিলনপুৰৰ বায়ন জীৱন কলিতাৰ আজি বিয়লি পৰলোকপ্ৰাপ্তি ঘটে। তেজপুৰ মিলনপুৰ শইকীয়া চুবুৰিৰ নিৱাসী তথা জনস্বাস্থ্য কল্যান বিভাগৰ মদপী পানী যোগান আঁচনিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জীৱন কলিতাৰ আজি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
সৰু কালৰ পৰা খোল বাদনৰ লগত জড়িত হৈ জীৱন কলিতা অঞ্চলটোৰ বায়ন হিচাপে পৰিচিত হৈ পৰিছিল। মিলনবাকৰি ৰাস মন্দিৰ, শইকীয়া চুবুৰি, আঞ্চলিক বৈষ্ণৱ সমাজৰ লগতে সাংস্কৃতিক গোষ্ঠী জ্যোতি সংগমৰ লগত জড়িত থাকি আজি মৃত্যুক সাৱতি লোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে।
মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে মিলনবাকৰ ৰাস মন্দিৰ, শইকীয়া চুবুৰি আৰু জ্যোতি সংগমে শ্ৰদ্ধাঞ্জলি জনাই শোভাযাত্ৰা কৰি মিলনপুৰ ৰাজহুৱা শ্মাশানত শেষকৃত্য সম্পন্ন কৰে৷