
নলবাৰীঃ নলবাৰী জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ত ছাত্ৰ একতা সভা দখল কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ মঙলবাৰে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ ভাতৃ ছাত্ৰ সংগঠন এনএছইউআই আৰু শাসকীয় বিজেপি দলৰ ভাতৃ ছাত্ৰ সংগঠন এবিভিপিক বিধ্বস্ত কৰি অধিকাংশ পদতে আছুই জয় লাভ কৰিবলৈ সক্ষম হয়।
মুঠ ১২পদৰ নিৰ্বাচনত অনুষ্ঠিত হৈছিল মহাবিদ্যালয় খনত৷ সাধাৰণ সম্পাদক পদত বিক্ৰম মেধী, উপ-সভাপতি দিগন্ত কলিতা সহ আঁঠটাকৈ পদত আছু সমৰ্থিত প্ৰাৰ্থী বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। আনহাতে তিনিটা পদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থী জয় হোৱাৰ বিপৰীতে এটা পদত নিৰ্দলীয় প্ৰাৰ্থী জয় হয়।
আছু সমৰ্থিত প্ৰাৰ্থী সকলক নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, শিক্ষা সম্পাদক ৰিয়াজুদ্দীন আহমেদ, জিলা সহ সম্পাদক সমৰজৌতি মহন্ত সহ কেইবাজনো নেতাই শুভেচ্ছা জ্ঞাপন কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থী সকলক সংগঠনটোৰ জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী, সভাপতি মৃণাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা, যুটীয়া সম্পাদক পাৰ্থ প্ৰতীম শৰ্মা, নিৰোদ দাস, বিত্ত সম্পাদক যোগেশ কলিতা, নলবাৰী চহৰ সমিতিৰ সভাপতি কৌশিক বৰ্মন, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা সহ কেইবাজনো নেতাই শুভেচ্ছা জ্ঞাপন কৰে।