ৰূপৰ এজোলকা ৰং সানিবলৈ বৰলুইতৰ প্ৰস্তুতি

গুৱাহাটীঃ লুইতৰ পাৰৰ দুভৰিৰ উথপথপ৷ বৰলুইতৰ পাৰৰ চহা সৌন্দৰ্যক স্বীকৃতি দিয়াৰ প্ৰয়াস বৰলুইত সংস্কৃতি কৰ্মীৰ৷ বৰলুইত সংস্কৃতিৰ উদ্যোগত আৰু আইদেউ টকীজ অসমৰ সহযোগত সুন্দৰ আৰু সুন্দৰী সকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যৰে এক বিশাল প্ৰস্তুতি চলোৱা হৈছে৷

অহা ৯ চেপ্তেম্বৰত দক্ষিণ কামৰূপ জিলাৰ ৰঙিয়াৰ মুৰাৰাস্থিত ‘প্ৰগতি সংঘ’ৰ বাকৰিত অনুষ্ঠিত হ’বলগীয়া সৌন্দৰ্য প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিব প্ৰায় ৫০ গৰাকী যুৱক-যুৱতীয়ে৷

ভৰত ডেকা আৰু পংকজ দাসৰ তত্বাবধানত অনুষ্ঠিত হ’বলগীয়া সৌন্দৰ্য প্ৰতিযোগিতা খনত উপস্থিত থাকিব সদৌ অসম গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মতিউৰ ৰহমান, সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি নয়ন তালুকদাৰ, আইদেউ টকীজ অসমৰ তত্বাবধায়ক ৰত্ন দাস আৰু পাপু কবীড়ৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি৷

আয়োজক সমিতিয়ে সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে৷