২০ মে’ত বেবেজীয়াত ব’হাগী বিদায় উৎসৱ

newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান বেবেজীয়া নৱ প্ৰজন্ম যুৱ মঞ্চৰ উদ্যোগত অহা ২০ মে’ত বেবেজীয়া বজাৰ গৃহ প্ৰাংগণত ব’হাগী বিদায় উৎসৱ দিনজোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হ’ব৷ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে শিক্ষক অৰুণ চন্দ্ৰ বৰাক সভাপতি, অশোক বৰা, প্ৰণৱ শৰ্মা আৰু প্ৰবীন বৰাক কাৰ্যকৰী সভাপতি, ভাস্কৰ জ্যোতি বৰা আৰু চুৰেন্দ্ৰ কুমাৰ শৰ্মাক উপ-সভাপতি তথা ৰঞ্জন জ্যোতি বৰা আৰু পাৰ্থজ্যোতি বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে৷ 

কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত বন্তি প্ৰজ্বলন আৰু ৮.৩০ বজাত বিহু পতাকা উত্তোলনৰ অন্তত পুৱা ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷ সন্ধ্যা ৬ বজাত সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ পিছতে স্থানীয় শিল্পীসকলৰ দ্বাৰা আকৰ্ষণীয় জেং বিহু প্ৰদৰ্শন কৰা হ’ব৷ নিশা ৮ বজাৰ পৰা আধুনিক নৃত্য আৰু বিহু একক নৃত্য প্ৰতিযোগিতাৰ লগতে এখন বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷