ইটা ভাটা সন্থাৰ সভাপতি মন্ত্ৰী ৰঞ্জিত, কৃষি ভূমি খনন-প্ৰদূষণে বিপদ মাতিছে বিহালীৰ জনজীৱনলৈ

বিহালীঃ দেশৰ ৰাজধানী দিল্লীত প্ৰদূষণৰ ভয়াৱহ ছবি খন আমি সকলোৱে দেখিছো৷ মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছিল৷ স্কুল-কলেজ সকলো বন্ধ কৰিব লগা হৈছিল৷ মুখত কাপোৰ বান্ধি মানুহ ঘৰৰ পৰা ওলাব লগা হৈছিল৷ আকাশ ডাৱৰে আৱৰি থকাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিল৷ দিল্লী বাসীয়ে যাতে প্ৰতিবছৰে এনে প্ৰদূষণৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰে৷ দিল্লীৰ ঘটনাৰ পৰা কিন্তু অলপো শিক্ষা নল'লে আমাৰ ৰাজ্য চৰকাৰে।

কিয়নো এতিয়াও ৰাজ্যখনৰ বিভিন্ন অঞ্চলত গঢ়ি উঠা ইটা ভাটাই অঞ্চলসমূহৰ জনজীৱনলৈ কঢ়িয়াই আনিছে প্ৰচণ্ড ভাবুকি৷ জনবসতি এলেকাত স্থাপন কৰা বৰ বৰ ইটা ভাটা সমূহত পৰা নিৰ্গত হোৱা প্ৰদূষণে মানুহৰ ক্ষতি কৰি আহিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষিভূমি তথা জনবসতি এলেকাত স্থাপন কৰা ইটা ভাটাই মানুহক বিপদত পেলোৱাৰ লগতে বিশ্বনাথ জিলাৰ বিহালীত প্ৰায় ৬০টা ইটাভাটাই অঞ্চলটোৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

বিহালীত ঠায়ে ঠায়ে এতিয়া মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে৷ প্ৰদূষণৰ প্ৰকোপত মানুহৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰি ৰাইজ আতংকিত হৈ পৰিছে৷ তথাপিও কাণসাৰ নাই প্ৰশাসনৰ৷ অহৰহ নিৰ্গত হৈ থকা ধোঁৱাই বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰোগীয়া কৰিবলৈ ওলোৱাৰ পিছতো নিমাত প্ৰশাসন৷ স্বাস্থ্য, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ আশংকাত দিন পাৰ কৰিছে ৰাইজে৷

আনহাতে ৰাইজে ইটাভাটাৰ পৰা ওলোৱা ধোৱা তথা প্ৰদূষণৰ বাবে হাওঁফাওঁৰ ৰোগ, চৰ্মৰোগ, চকুৰ ৰোগ, চুলি সৰা, ডিঙিৰ ৰোগ হোৱাৰ আশংকা কৰিছে৷ বিশ্বনাথ জিলাত দিনে নিশাই ইটা প্ৰস্তুত কৰি বিশেষকৈ বিহালী অঞ্চলত মাটি-বায়ু-পানী সকলো ধ্বংস হোৱাৰ দিশে আগবাঢ়িছে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ইতিমধ্যে ইটা উদ্যোগক উদ্যোগক প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ হিচাপে চিনাক্ত কৰিছে৷ The Assam Kilns Establishment and Regulation Rules,2013-এ এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰিছে আহিছে৷

কোনো ইটাভাতাই কৃষিভূমিত কিলিঙ বনাই ইটা নিৰ্মাণ কৰিব নোৱাৰিব বুলি কোৱাৰ পিছতো বিহালী অঞ্চলত ভয়াবহ প্ৰদূষণ সৃষ্টি কৰি আহিছে৷ কোনো ইটাভাতাই কৃষিভূমিত কিলিঙ বনাই ইটা বনাব নোৱাৰিব বুলি কোৱাৰ পিছতো আইনক বুঢ়া আঙুলি দেখুৱাই বিশ্বনাথ জিলাত কৃষি ভূমি নষ্ট কৰি ইটা বনাই থকা পৰিলক্ষিত হৈছে৷ ভৱিষ্যত প্ৰজন্মৰ বাবে বিশ্বনাথ জিলা সুৰক্ষিত হৈ নাথাকিব বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিছে৷

ইফালে বিহালীৰ ইটাভাটা সন্থাৰ সভাপতি খোদ বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত। মন্ত্ৰী তথা বিধায়ক যেতিয়া সভাপতি তেন্তে ধৰোঁতা কোনো নাই৷ বিহালীত এতিয়া ইটাভাটাৰ মালিকে চৰকাৰী নিয়মাৱলী সম্পূৰ্ণ ভংগ কৰি কৃষিভূমি নষ্ট কৰি গৈছে।

মন্ত্ৰী ৰঞ্জিত দত্ত নিজেই কেইবাটাও ইটাভাটাৰ মালিক হোৱাৰ বাবেই ৰাইজৰ সমস্যাক পিঠি দি মালিকপক্ষৰ স্বাৰ্থ সুৰক্ষিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। মন্ত্ৰী দত্তক ৰাইজৰ পক্ষত থিয় হ'বলৈ দাবী জনাই বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই। বিশ্বনাথ জিলা কংগ্ৰেছে চৰকাৰৰ এই নীৰৱ ভূমিকাক তীব্র ভাষাৰে সমালোচনা কৰে৷ কৃষিভূমি খনন আৰু প্ৰদূষণ সৃষ্টি কৰা অহাত জিলা উপায়ুক্তক তদন্ত কৰি উচিত ব্যৱস্থা লোৱাৰ দাবী জনায় কংগ্ৰেছে৷