
বেতবাৰীঃ নাট্যগোষ্ঠী ‘ঢৌ The wave’ ৰ উদ্যোগত শিৱসাগৰ জিলাৰ বানমুখ দিহিঙীয়া গাঁৱত যোৱা ২৫ ডিচেম্বৰৰপৰা তেৰ দিন ধৰি হৈ অহা শিশু নাট কৰ্মশালাখনিৰ প্ৰশিক্ষাৰ্থী কণ কণ শিশুসকলে যোৱা ৭ জানুৱাৰীত ‘ৰামধেনু’ নামৰ এখনি শিশু নাটক পৰিৱেশন কৰে।
বানমুখ চেতিয়া গাঁৱৰ উদ্যমি যুৱক তথা নাট্যকৰ্মী অভিজিৎ চুতীয়াৰ পৰিকল্পনা আৰু পৰিচালনাত বানমুখ দিহিঙীয়া গাঁৱৰ কণ কণ শিশুসকলে প্ৰয়াত দেৱজিৎ চুতীয়াৰ সোঁৱৰণীত দিহিঙীয়া গাঁৱৰ হৰি মন্দিৰস্থিত মুকলি পথাৰতে ‘ৰামধেনু’ পৰিৱেশন কৰে।
উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বৰ্তমান ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (NSD TIE Wing) ত্ৰিপুৰাত অধ্যয়নৰত অভিজিতে জিলাখনৰ কণ কণ শিশুসকলৰ মাজত বৌদ্ধিক, সাংস্কৃতিক, মানসিক বিকাশ আৰু উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন সময়ত খেল-ধেমালি, যোগাসন আদিৰ লগতে নাট প্ৰশিক্ষণ কৰ্মশালাৰ যোগেদি শিশু, কিশোৰ আৰু যুৱকসকলক প্ৰশিক্ষণ দি আহিছে।