
বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ বেজেৰাৰ সমীপৰ গোগ গাঁৱৰ তথা সূতাৰকুছি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ফাৰুক হুছেইনৰ সোমবাৰে নিজ গৃহত মৃত্যু হয়।
মৃত্যুৰ সময়ত হুছেইনৰ বয়স আছিল ৫৩ বছৰ। জানিব পৰা মতে, ফাৰুক হুছেইনৰ চাৰিমাহৰ পৰা ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ আছিল।
ভোমোলাহাটি প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষকতা আৰম্ভ কৰা হুছেইনৰ অকাল মৃত্যুত পূৱ কামৰূপত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ কন্যাসহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷