দেওমৰনৈত আছুই শ্ৰদ্ধাঞ্জলি যাচিলে সুধাকণ্ঠ ড০ ভুপেন হাজৰিকাক

দলংঘাটঃ সদৌ অসম ছাত্ৰ সন্থাৰ দেওমৰনৈ আঞ্চলিক সমিতিয়ে দেওবাৰে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে৷ দেওমৰনৈ দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত এশ গছি বন্তি প্রজ্বলনেৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী পালন কৰে৷

দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানত দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ)ৰ অধ্যক্ষ মতিৰাম শইকীয়াই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

বন্তি প্রজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে দেওমৰনৈৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান SEDS, স্বেচ্ছাসেৱী অনুষ্ঠান শিকনি, দেওমৰনৈ সাহিত্য সভা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ), দেওমৰনৈ স্নাতক মহাবিদ্যালয়, বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থা, দেওমৰনৈ দুৰ্গা মন্দিৰ নিৰ্মাণ সমিতি, দেওমৰনৈ গাঁও পঞ্চায়ত, দেওমৰনৈ সংগীত মহাবিদ্যালয়ৰ লগতে দেওমৰনৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে অংশগ্ৰহণ কৰে।