
জাজৰিঃ নগাঁও জিলাৰ জাজৰিত দেওবাৰে ২০টা মহিলা আত্ম সহায়ক গোট তথা কৃষ্ণ গোপাল গ্ৰাম্য সংগঠনে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে।
দক্ষিণ জাজৰিস্থিত ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ প্ৰাংগনত গ্ৰাম্য সংগঠনটোৰ মহিলা সকল একত্রিত হৈ ড০ হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি যাচে।
মহিলা গ্ৰাম্য সংগঠনটোৰ সভানেত্রী লক্ষিমী বৰদলৈ, সম্পাদিকা প্ৰভাৰাণী মহন্ত, গ্ৰাম্য সেৱীকা শেৱালী মহন্ত আৰু শতাধিক মহিলাই সুধাকণ্ঠৰ প্ৰতিচ্ছবিত সন্মুখত ড০ হাজৰিকাৰ কেইবাটিও কালজয়ী গীত পৰিবেশন কৰে।