জোনাইত ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যুবাৰ্ষিকী পালন

জোনাইঃ ধেমাজি জিলাৰ জোনাই মহকুমাৰ প্ৰগতি চ'ৰাৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যুবাৰ্ষিকী পালন কৰা হয়৷ গীত, কবিতা আৰু শব্দৰে জোনাকত শৰতৰ সুবাস শীৰ্ষক অনুষ্ঠানেৰে শ্ৰদ্ধাঞ্জলি যাচে সুধাকন্ঠক৷ ব্ৰহ্মপুত্ৰ অফছেট প্ৰাংগনত প্ৰগতি চৰাৰ সদস্য অঞ্জনা টায়ুং শইকীয়াই আঁতধৰা অনুষ্ঠানত ড০ ঘণকান্ত লাগাছুৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সুধাকন্ঠক স্মৰণ কৰে৷

লঅনুষ্ঠানটোত জোনাই ছাত্ৰ সন্থা, অৱসৰ প্ৰাপ্ত শিক্ষক মাধৱ পাৱ, ডাঃ বিদ্দেশ্বৰ দলে, নিৰ্বাচনী বিষয়া সঞ্জীৱ ফুকন, বিশিষ্ট জ্যেষ্ঠ নাগৰিক ৰাজেশ্বৰ পায়েং, নৱিন গগৈ, ড০ ৰোহিনী পেগু, ড০ ৰাজেশ্বৰ পেগু, সংগীত শিল্পী তৰাৱতী মিলি বৰি, চিত্রাৱতী মদি, জয়া কোৱৰ, অঞ্জন্তা দলে, আৰু বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷