হাতীৰ পিঠিত সুধাকন্ঠৰ প্ৰতিচ্ছবি লৈ শোভাযাত্রা

দলংঘাটঃ দৰঙৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম দৰঙতো বিভিন্ন দল-সংগঠনে ভূপেন হাজৰিকাক স্মৰণ কৰে৷ পশ্চিম দৰঙৰ দেওমৰনৈ, বালিপোতা, লক্ষীমপুৰ, দলংঘাট, নামখলা, বৰমপুৰৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠানে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী পালন কৰে।

দেওমৰনৈ সাহিত্য সভা, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান SEDSৰ উদ্যোগত ব্যতিক্রম ধৰনে আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী পালন কৰে। শনিবাৰৰ পৰা ঔতলাৰ বৰমপুৰত স্বৰ নিকেতনৰ উদ্যোগত দুদিনীয়াকৈ ভূপেন হাজৰিকাৰ মৃত্যু তিথি পালন কৰা হয়। স্বৰ নিকেতনে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি হাতীৰ পিঠিত লৈ শোভাযাত্রা উলিওৱা দেখা যায়।