ৰঙিয়াৰ ড০ ভূপেন হাজৰিকা সংগীত মহাবিদ্যালয়ত সুধাকন্ঠক শ্ৰদ্ধাঞ্জলি

ৰঙিয়াঃ ৰঙিয়াৰ আগশাৰীৰ সংগীত মহাবিদ্যালয় ড০ ভূপেন হাজৰিকা সংগীত মহাবিদ্যালয়ে দেওবাৰে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী পালন কৰে।

ৰঙিয়া প্ৰেছ ক্লাবৰ সমীপতে থকা সংগীত মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পন কৰি সুধাকন্ঠক  শ্ৰদ্ধাঞ্জলি যাচে৷

তাৰ পিছতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোত বিচাৰকৰ আসন গ্ৰহণ কৰে সাংবাদিক মোস্তাফা কামাল আহমেদ আৰু সংগীত শিল্পী ভূপেন দাসে।