
লংকাঃ আজিৰ দিনটোতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই মহাপ্ৰয়াণ কৰিছিল। দেওবাৰে দল-সংগঠনে ৰাজ্যজুৰি স্মৰণ কৰিছে সুধাকন্ঠ ভূপেন হাজৰিকাক৷ অসমৰ হিয়াৰ আমঠুগৰাকীক অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লংকাৰ শংকৰদেৱ নগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰটো ৰাইজে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি যাচে৷
অনুষ্ঠানত কৃষ্টি বিকাশ কেন্দ্ৰৰ পতকা উত্তোলন, বন্তি প্ৰজ্বলন কৰাৰ লগতে কেইবাগৰাকী লোকে ভূপেন হাজৰিকাৰ গীত গাই শিল্পীগৰাকীক স্মৰণ কৰে৷ অনুষ্ঠানত হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ লোক উপস্থিত থাকে৷