ST-SC আইন, দলিত সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমৰ কেইবাখনো জিলাত

মৰিয়নিঃ দেশৰ কেইবাটাও দলিত সংগঠনে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ পৰে অসমৰ কেইবাখনো জিলাত পৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ চাহ বাগিচা এলেকা আৰু আদিবাসী অধ্যুষিত এলেকাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰাৰ লগতে উজনি অসমৰ বিভিন্ন স্থানত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। 

যোৰহাটৰ জে বি ৰোডত ৰাজ পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ভাৰত বন্ধৰ সমৰ্থকে। তিনিচুকীয়া জিলাতো ৰাজ পথলৈ ওলাই আহে ভাৰত বন্ধৰ সমৰ্থক৷ তিনিচুকীয়াৰ বিভিন্ন স্থানত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই৷

গোলাঘাট জিলাতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কেইবাগৰাকী বন্ধৰ সমৰ্থকক। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ নিৰ্যাতনবিৰোধী আইন সংশোধন কৰাৰ দাবীত ক্ষোভিত হৈ পৰে বন্ধৰ সমৰ্থক। ফলত উজনি অসমত পুৱাৰে পৰা ব্যাহত হৈ পৰিছে যান-বাহনৰ চলাচল।

দেশব্যাপি দলিত-আদিবাসী ৰাজ পথলৈ ওলাই আহে৷ উল্লেখ্যে যে, উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সুৰক্ষা আইন অধিনিয়ম-১৯৮৯ অনুসৰি গ্ৰেপ্তাৰ আৰু অপৰাধীক গোচৰ ৰুজু কৰিব নোৱাৰাৰ সিদ্ধান্ত লয়৷ এই খন আইনে বিভিন্ন সময়ত ভেদভাৱ, অত্যাচাৰ সন্মুখীন হোৱা সম্প্ৰদায়ক সুৰক্ষা দিছিল৷ 

দেশৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক পৰ্যায়ৰ সংগঠন সমূহেও নাৰাজ হয় চৰকাৰৰ বিৰুদ্ধে৷ চৰকাৰে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰাত ফেইল হৈছে বুলি অভিযোগ উত্থাপন হয়৷ উল্লেখ্য যে, ন্যায়ালয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আইনৰ দ্বাৰা কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে জিলা আৰক্ষীৰ উপ-অধীক্ষক পৰ্যায়ৰ আৰক্ষী বিষয়াৰ দ্বাৰা গোচৰৰ তদন্ত হোৱা প্ৰয়োজন বুলি কয়৷ জ্যেষ্ঠ ন্যায়াধীশ আদৰ্শ গোৱেল আৰু য়ু য়ু ললিতৰ বেঞ্চে কয়, এছচি-এছটি আইনৰ অধিনত গোচৰ ৰুজু হলে জামিন নিদিয়াৰ কোনো পূৰ্ণ প্ৰতিবন্ধকতা নাই৷

এছচি-এছটি আইন দলিত আৰু আদিবাসীসকলৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰাৰ এখন বিশেষ আৰু গুৰুত্বপূৰ্ণ আইন ৰূপে জনা যায়৷ মোডী চৰকাৰ এই ক্ষেত্ৰত আদালতত ভূমিকা পালনত বিফল হৈছে বুলি অভিযোগ উত্থাপন কৰি দেশৰ দলিত সংগঠনে বিজেপিক দলিত বিৰোধী আখ্যা দি সোমবাৰে ভাৰত বন্ধৰ আহ্বান জনাইছিল৷ সমগ্ৰ দেশত ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰাৰ লগতে ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়৷