
গুৱাহাটীঃ এগৰাকী দক্ষ-যুৱ আৰক্ষী বিষয়াৰ মৃত্যুৰ পিছতে উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন৷ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে বহু প্ৰশ্ন উত্থাপন হৈছে৷ ৰাজ্যৰ এগৰাকী থলুৱা আৰক্ষী বিষয়াৰ মৃত্যুৰ পিছতে আৰক্ষীৰ আধুনিকীকৰণ আৰু স্মাৰ্ট পুলিচৰ ধৰাণাক একপ্ৰকাৰ প্ৰত্যাহ্বানকে জনোৱা বুলি চৰ্চা আৰম্ভ হৈছে৷
কিয়নো সৰ্বানন্দ সোণোৱাল চৰকাৰে শাসনৰ গাদীত বহিয়েই আৰক্ষীক স্মাৰ্ট কৰাৰ বাবে আঁচনি গ্ৰহণ কৰাৰ কথা বাৰে বাৰে ঘোষণা কৰি আহিছে৷ তাৰ পিছত ৰাজ্যৰ এগৰাকী আৰক্ষী বিষয়াই দেহত পিন্ধি থকা বুলেট প্ৰুফ জেকেট অতিক্ৰম কৰি ৯টাকৈ গুলী লগা ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে৷
উল্লেখ্য যে, ০৪ মে'ৰ বিয়লি আলফা স্বাধীনেৰে আৰক্ষী-সেনাৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাই। জানিব পৰা মতে, দিনৰ প্ৰায় ১২ বজাত আলফাৰ দল এটা বৰডুমচাৰ কুজু পথাৰত প্ৰৱেশৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ তাৰ পিছতে যুৱ আৰক্ষী বিষয়াগৰাকীয়ে চিআৰপিএফৰ দল সহ ঘেৰাও কৰে উক্তস্থান৷
আলফাৰ দলটোৰ সৈতে প্ৰথমে গুলীয়াগুলি লাগে আৰক্ষী-চিআৰপিএফৰ৷ পিছত সেনাই নেতৃত্ব লয় অভিযানৰ৷ তেনে সময়তে আলফাৰ দলে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে একেৰাহে গুলীচালনা কৰাত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ দেহত কেইবাটাও গুলী লাগে৷
ততাতৈয়াকৈ ভাস্কৰ কলিতাক ডিগবৈৰ অইল হস্পিতালত ভৰ্তি কৰে যদিও চিকিৎসাকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ আনহাতে আৰক্ষী, চিআৰপিএফ আৰু সেনাৰ গুলীত জান অসম নামৰ এগৰাকী আলফা (স্বাধীন)ৰ সদস্য নিহত হোৱাৰ লগতে এগৰাকী নিৰীহ যুৱতীৰো মৃত্যু হয়৷ শনিবাৰে এখন বিমানেৰে ভাস্কৰ কলিতাৰ মৃতদেহ গুৱাহাটী বিমানবন্দৰলৈ অনা হয়৷ তাৰ পিছতে এখন বিশেষ বাহনেৰে কেইবাশতাধিক লোকে অন্তিম যাত্ৰা কৰি নিজ গৃহলৈ নিয়ে৷
শ্বহীদ বিষয়াগৰাকীৰ মৃতদেহ নিজ গৃহ পোৱাৰ পিছতে হাজাৰ হাজাৰ লোক সমৱেত হয় মাজিৰাগাঁৱত৷ মাজিৰা গাঁৱত বিষয়াগৰাকীক স্থানীয় ৰাইজে শেষ শ্ৰদ্ধা যাচে৷ তাৰ পিছতে অসম আৰক্ষীয়ে ৰাজ্যিক মৰ্যদাৰে বিদায় জনাই বিষয়াগৰাকীক৷ কামৰূপ জিলাৰ আজাৰাৰ সমীপৰ মাজিৰাগাঁৱত গৃহভূমিত শেষকৃত্য সম্পন্ন কৰা হয় বিষয়াগৰাকীৰ৷ বিষয়াগৰাকীৰ মৃতদেহ উপস্থিত হোৱাৰ পূৰ্বে অসম আৰক্ষীৰ ডিআইজি অখিলেশ সিঙে কেইবাগৰাকী উচ্চ পদস্থ বিষয়া সহ ভাস্কৰ কলিতাৰ গৃহত উপস্থিত হয়৷
অখিলেশ সিঙে উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লোকৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’ব লগা হয়৷ পত্নী আৰু পৰিয়ালৰ লোক বিষয়াগৰাকীয়ে বদলিৰ বাবে আবেদন কৰাৰ পিছতো বদলি মঞ্জুৰ কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰে৷ স্বামী-পুত্ৰক হেৰুৱাৰ শোকত ডুবি থকা পৰিয়ালটোৱে উচ্চ পদস্থ আৰক্ষী বিষয়াক বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে৷
কিন্তু আৰক্ষীৰ হাতত সেই সময়ত পৰিয়ালক দিবলৈ নাছিল কোনো ধৰণৰ উত্তৰ৷ আনহাতে নিৰ্ভীক বিষয়াগৰাকীয়ে শীৰ্ষ বিষয়াক বাৰে বাৰে বদলিৰ বাবে আবেদন জনাই তেওঁ যে সন্ত্ৰাসবাদীৰ টাৰ্গট আছিল সেই কথা অৱগত কৰে৷ স্পৰ্শকাতৰ জিলা খনত সাহসিকতাৰে কাম কৰাৰ বাবে উচ্চ পদস্থ বিষয়াই ভাস্কৰৰ সাহসক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷