চকলাঘাটত প্ৰতিফলিত হ'ব ঐতিহাসিক ম’হ যুঁজ

নগাঁওঃ চাওঁতে চাওঁতে অসমীয়াৰ নঙলা মূখ পালেহি ভোগৰ উৎসৱ ভোগালী ৷ অসমৰ চৌদিশে নাগৰিকত্ব বিধেয়কক কেন্দ্ৰ কৰি অব্যাহত থকা তীব্ৰ প্ৰতিবাদক একাষৰীয়া কৰি অসমীয়াৰ অতিকে হেপাঁহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গঞা ৰাইজ ৷ বিভিন্ন সমস্যাক পাহৰি গঞা ৰাইজ পুৰাদ্দমে নামি পৰিছে ভোগালীৰ পৰম্পৰা ৰক্ষাৰ্থে ৷ ইয়াৰ অংশ হিচাপে বৃহত্তৰ জাজৰি আৰু চকলাঘাটবাসী ৰাইজ একত্ৰিত হৈ চলাইছে ভোগালীৰ ব্যাপক প্ৰস্তুতি ৷
জাজৰিৰ শিমলুতল চাৰিআলিৰ সমন্বয় ক্ষেত্ৰত আটকধুনীয়াকৈ নৰাৰেই সাজি উলিওৱা হৈছে অসমীয়াৰ উপাসনাৰ স্থলী এটি নামঘৰ ৷ তদুপৰি সাজি থকা হৈছে ভেলাঘৰ ৷ লগতে অসমীয়া কলা-সংস্কৃতিৰ অন্যান্য বহুকেইটা উপাদান প্ৰতিকীৰূপত উপস্থাপনত নামি পৰিছে শিমলুতলবাসী ৰাইজ ৷ মুঠৰ ওপৰত সমন্বয় ক্ষেত্ৰত দেখা গৈছে এক যুদ্ধংদেহী তৎপৰতা ৷ আঠ দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰিবলৈ লোৱা এই ভোগালী উৎসৱ উপলক্ষে সমন্বয় স্থলীত সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে কৰ্মকৰ্তা সকলে ৷
পুৰণি পৰম্পৰা ৰক্ষাৰ্থে শিমলুতলৰ সাতখন গাৱঁৰ ৰাইজে একত্ৰিত হৈ বিগত চাৰি বছৰে এই স্থানতেই অনুষ্ঠিত কৰি আহিছে অসমীয়া বাপতিসাহোন ভোগালী বিহু ৷ বিভিন্ন আচাৰ-ৰীতিৰ লগতে ভোগালী বিহুত চলি অহা অতীজৰ সেই ঐতিহ্য-পৰম্পৰা সমুহৰ লগতে দেশৰ শান্তিৰ বাবে ভাগৱত পাঠ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো দিহা কৰিছে শিমলুতলবাসী ৰাইজে ৷ ইফালে,বৃহত্তৰ চকলাঘাটৰ যুৱকবৃন্দই স্থানীয় ৰাইজৰ সহযোগত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আয়োজন কৰিছে ভোগালী উৎসৱৰ ৷ এই নিমিত্তে যুৱকসকলে মনোমোহা ৰূপত বৃহদাকাৰ ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰাৰ লগতে অসমীয়া কলা-কৃষ্টি তুলি ধৰাৰ প্ৰচেষ্টা চলাইছে ৷ এই মৰ্মে, নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰিছে দুই গুনা ম’হৰ যুঁজৰ প্ৰতীকি ৰূপ ৷ য’ত প্ৰতিফলিত হৈছে ইতিমধ্যে উচ্চ ন্যায়ালয়ে নিষিদ্ধ কৰা পুৰণিকলীয়া ম’হযুঁজৰ পৰম্পৰা ৷
বৰ্তমান এই দৃশ্যই সকলোকে বেছ আকৰ্ষিত কৰা দেখা গৈছে ৷ চকলাঘাটৰ ভোগালী উৎসৱৰ বিভিন্ন মনোগ্ৰাহী কাৰ্যসূচী অনুসৰি উৰুকাৰ নিশা ভেলাঘৰত নিশা সকলোয়ে মিলিজুলি ভোজ-ভাত খোৱাৰ বিপৰীতে বিহুৰ দিনা পুৱা মেজি প্ৰজ্বলন,বয়োজেষ্ঠ লোকক সম্বৰ্ধনা,নাম-কীৰ্তন,সমুহীয়া বিহুৰ জলপান খোৱা পৰ্বৰ লগতে দিনটোত থলুৱা বিভিন্ন খেল-ধেমালী অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷