
গুৱাহাটীঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ খেৰণি চাৰিআলিত অনুষ্ঠিত হয় ষট পূজা৷ শিৱ মন্দিৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত ষটপূজা উপলক্ষে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। হিন্দী ভাষী তথা ভোজপুৰী সম্প্ৰদায়ৰ অন্যতম পৰ্ব ষট পূজা ভাৰত বিখ্যাত। যোৱা ২৪ অক্টোবৰ পৰা ২৭ অক্টোবৰলৈকে সমগ্ৰ দেশৰ লগতে বিদেশটো অনুষ্ঠিত হৈয় ষট পূজা। খেৰণিটো হিন্দী ভাষী সকলৰ ঘৰে ঘৰে ব্যাপক ভাৱে পালন কৰা হয় ষট পূজা৷
খেৰণি চাৰি-আলিৰ গান্ধী বিদ্যাপীঠ হিন্দী স্কুলৰ প্ৰাংগণত ৩১ অক্টোবৰত নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। সাংস্কৃতি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সদস্য পাৱান কুমাৰ ৰয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে। উদ্ধোধনী অনুষ্ঠানত আমৰেঙ সমষ্টিৰ পৰিষদীয় সদস্য ৰিনা তেৰাংপিও উপস্থিত থাকে।
অনুষ্ঠানটোত মুখ্য শিল্পী তথা গায়িকা নিমন্ত্ৰন কৰি আনিছিল বিহাৰৰ পৰা। বিহাৰৰ গায়িকাক এপাক ওচৰৰ পৰা চাবৰ বাবে হেতা-ওপৰা লাগিছিল হাজাৰ হাজাৰ লোকৰ৷ সাংস্কৃতিক সন্ধিয়া উপভোগৰ বাবে অঞ্চলটোৰ ডেকা-গাভৰুকে আদি কৰি সকলো ওলাই আহে। সাংস্কৃতিক সন্ধিয়া পাৰ হৈ যোৱাৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমীয়া সমাজত কাহানিও নোহোৱা নোপোজা নৃত্য কৰি ভোজপুৰি গায়িকাই গীত পৰিবেশন কৰা কাৰ্যক সচেতন মহলে সহজে লব পৰা নাই৷
বিহাৰৰ পৰা আমন্ত্ৰণ কৰি অনা গায়িকাই অৰ্ধ উলংগ হৈ উত্তাল নৃত্য প্ৰদৰ্শন কৰি প্ৰমাণ কৰি গ’ল অসমত বহিৰাগতৰ বাবে সকলো সম্ভৱ। কোনো ফিল্ম নাটকত নহয় মুকলি মঞ্চত যি ধৰণে নৃত্য কৰিছিল সেয়া অপসংস্কৃতি বুলি কব খোজে বহু লোকে৷ অশ্লীলতাৰ সকলো সীমা চেৰাই নৃত্য প্ৰদৰ্শন কৰা কাৰ্যক কাৰ্বি ভূমিৰ সচেতন মহলে সহজে লব পৰা নাই৷ উদ্যোগতাৰ বিৰুদ্ধে আৰম্ভ হৈছে ৰাইজৰ ক্ষোভ৷