ভকতপাৰা ফুটবলত হৰিশিঙা চূড়ান্ত বিজয়ী

দলংঘাটঃ বিপিএফৰ ভাতৃ সংগঠন যুৱ বিপিএফৰ ওদালগুৰি জিলাৰ ভকতপাৰা আঞ্চলিক সমিতি আৰু বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়নৰ উদ্যোগত ভকতপাৰাত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল খন অনুষ্ঠিত হয়৷

 ভকতপাৰা বডোলেণ্ড স্পৰ্টচ কমপ্লেক্সত কেইবা সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা ফাইনেল খেল খনত হৰিশিঙা কবিৰালি দলে আদিবাসী স্পৰ্টচ ক্লাৱক ২-১ গলত পৰাজিত কৰে৷ খেলখন উদ্বোধন কৰে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী গনেশ্বৰ বসুমতাৰীয়ে।

খেলখন পৰিচলনা কৰে দেবেন চন্দ্ৰ বড়ো, আকুল হান্নান, ৱাহিদুৰ ৰহমান আৰু বিনন্দ বড়োৱে৷ চুড়ান্ত খেল খনত ভদ্রকান্ত বসুমতাৰীয়ে শ্ৰেষ্ঠ গল ৰক্ষকৰ সন্মান অৰ্জন কৰে৷