
নলবাৰীঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ডাঃ ভূমিধৰ বৰ্মনক মহানগৰীৰ জিএনআৰচিত ভৰ্তি কৰে পৰিয়ালে৷ জানিব পৰা মতে, ডাঃ ভূমিধৰ বৰ্মন বৰ্তমানেও জিএনআৰচিত চিকিৎসাধীন হৈ আছে। মঙলবাৰে গৃহ জিলা নলবাৰীৰ এখন দলীয় সভাত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱাৰ পিছতে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷
ডাঃ বৰ্মনে মঙলবাৰে জিলাখনৰ বেলশৰস্থিত নিজ বাসভৱনলৈ গুৱাহাটীৰ পৰা অহাৰ পিছতে সন্ধিয়া সময়ত শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা পাবলৈ ধৰাত নলবাৰীৰ চিকিৎসালযত ভৰ্তি কৰে পৰিয়ালে। ততাতৈয়াকৈ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীগৰাকীক নলবাৰীৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও সংকটজনক অৱস্থাত গুৱাহাটীৰ জিএনআৰচিলৈ প্ৰেৰণ কৰা হয়।
উন্নত চিকিৎসাৰ বাবে জিএনআৰচিলৈ প্ৰেৰণ কৰাত বৰ্তমান জিএনআৰচিৰ আই ছি ইউত ৰখা হৈছে ডাঃ বৰ্মনক। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত দুবাৰকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল তেও৷ প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা নলবাৰী জিলাৰ বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৮৭ বছৰীয়া ডাঃ বৰ্মনৰ আশু আৰগ্য কামনা কৰিছে নলবাৰীৰ বিভিন্ন দল-সংগঠন তথা গুনমুগ্ধই।