
গুৱাহাটীঃ অসমীয়াৰ হিয়াৰ আমঠু, জাতিৰ আৱেগ সুধাকন্ঠ ভূপেন হাজৰিকাক দেওবাৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ স্মৰণ কৰে৷ ভূপেন হাজৰিকাৰ মৃত্যু তিথি ৰাজ্যৰ প্ৰতিটো দল-সংগঠন তথা ৰাজ্য চৰকাৰে পালন কৰা দেখা যায়৷ ৰাজ্যৰ বাহিৰতো বিশ্ববিশ্ৰুত শিল্পীগৰাকীক মৃত্যুদিনত বিশেষভাৱে সোঁৱৰণ কৰা হয়৷
হাজাৰ হাজাৰ কালজয়ী গীতৰ স্ৰষ্টা, অসমীয়া শিল্পী, অমৰ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আজি আমাৰ কাষত নাই। আমাৰ মৰমৰ ভূপেনদা নোহোৱা হোৱাৰ প্ৰায় ছবছৰ হ'ল যদিও প্ৰতিজন অসমীয়াৰ বুকুত ভূপেনদা আজিও জীয়াই আছে।
সদায় জীয়াই থাকিব৷ গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, বোলছবি পৰিচালক আৰু আলোচনীৰ সম্পাদক আছিল ভূপেন দা৷ ভূপেন দা কেৱল অসমতে নহয় পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো জনপ্ৰিয় আছিল। বিশ্বত অসমীয়া কলা-সংস্কৃতিক চহকী কৰা থৈ যোৱা ড০ ভূপেন হাজৰিকাক বিশ্ব-নাগৰিক বুলি কোৱা হৈছিল৷
তেও আছিল মানৱতাবাদী শিল্পী। কিছু সময়ৰ বাবে হলেও তেও ৰাজনীতিতো জড়িত হৈ পৰিছিল৷ বিশ্ববিশ্ৰুত শিল্পী হাজৰিকাই জন্ম গ্ৰহণ কৰিছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত৷ ২০১১ চনৰ ৫ নৱেম্বৰত হাজৰিকাই সকলোকে কন্দুৱাই নেদেখা দেশলৈ গমন কৰে৷ মহাপ্ৰায়ণৰ পিছতে অসমীয়া জাতিয়ে হিয়াৰ আমঠু, জাতিৰ আৱেগক হেৰুৱাই কান্দি উঠিছিল৷
তেও আজি সো-শৰীৰে আমাৰ মাজত নাই। হৃদয় চুই যোৱা মানৱ দৰদী কণ্ঠৰ অধিকাৰী শিল্পীগৰাকীক দেওবাৰে উজনি-নামনিৰ বিভিন্ন ঠাইত দল-সংগঠনে স্মৰণ কৰে৷ মৃত্যু তিথিত ৰাজ্যৰ ভিন্ন প্ৰান্তত স্মৰণ কৰাৰ লগতে মহানগৰীৰো একাধিক স্থানত কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানে বিশেষ অনুষ্ঠানৰ আয়োজন কৰি শিল্পীগৰাকীক স্মৰণ কৰে।
কেইবাটাও দশক ধৰি অসমীয়া সংগীত জগতত জিলিকি আছিল ভূপেন হাজৰিকাই৷ অসমীয়া লোক সঙ্গীতৰ লগতে বিভিন্ন ভাষাত গীত খাই অসমৰ চহকী কৰি থৈ গৈছে৷ বিচক্ষণতাৰ পৰিচয় দিয়া ভূপেন হাজৰিকা আছিল মানুহৰ শিল্পী৷ পৃথিৱীৰ পৰা বিদায় লোৱা ভূপেন হাজৰিকাক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে৷ ৰাজ্যবাসীয়ে ভূপেন হাজৰিকাক সোঁৱৰাৰ লগতে newsnextone.com পৰিয়ালেও শ্ৰদ্ধাৰে সুঁৱৰিছো৷