দেওমৰনৈত সুধাকন্ঠৰ মৃত্যু বাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি

ছিপাঝাৰঃ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দেওমৰনৈত। অহা ৫ নৱেম্বৰত সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান SEDSৰ উদ্যোগত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰা হ'ব বুলি জানিব পৰা গৈছে। 

কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভুপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে ৩০০১, ২০০১ আৰু ১০০১ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰিব। ইফালে সন্ধিয়া ৬.০০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা সাংস্কৃতিক সন্ধিয়াত আমন্ত্রিত শিল্পীৰ লগতে স্থানীয় কেইবাগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰিব।