লালুকত সুধাকণ্ঠৰ জন্মদিন পালন

লালুকঃ ৮ চেপ্তেম্বৰত সুধাকণ্ঠৰ জন্মদিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অদ্বিতীয় শিল্পীগৰাকীক স্মৰণ কৰাৰ লগতে লালুকতো শিল্পীগৰাকীৰ জন্মদিন পালন কৰা হয়৷ শুকুৰবাৰে বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী লালুক বাছ আস্থানত যুৱ সমাজৰ উদ্যোগত উদ্‌যাপন কৰা হয়৷

ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস, লালুকৰ উদ্যোগত লালুক বাছ আস্থানত থকা প্ৰতিমুৰ্ত্তীত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি যুৱক সকলে সুধাকন্ঠক স্মৰণ কৰে৷ লগতে ৰাইজৰ মাজত মিঠাই বিতৰণ কৰি জন্মদিনৰ উদ্‌যাপন কৰে৷