
তেজপুৰঃ আজি সুধাকণ্ঠ ভুপেন হাজৰিকাৰ ৯২ সংখ্যক ওপজা দিন সমগ্ৰ ৰাজ্যৰ লগতে সাংস্কৃতিক নগৰী তেজপুৰতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপন কৰা হয়। অসমীয়া শিল্পী সমাজে কেন্দ্ৰীয় ভাৱে আয়োজন কৰিব সুধাকণ্ঠৰ ওপজা দিন।
তেজপুৰৰ কলেজিয়েট খেলপথাৰত অসম শিল্পী সমাজৰ কেন্দ্ৰীয় ভাৱে আয়োজন কৰা অনুষ্ঠানৰ অংশ হিচাপে পংকজ বৰদলৈৰ নেতৃত্বত তেজপুৰৰ কলেজিয়েট খেলপথাৰত দহৰ পৰা পোন্ধৰ হাজাৰ শিল্পীয়ে ভুপেন্দ্ৰ সংগীত পৰিবেশন কৰে।
পুৱা সুধাকণ্ঠ ভুপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ভুপেন হাজৰিকাৰ ভাতৃ নিপেন হাজৰিকাই। অনুষ্ঠানত জিলা উপাযুক্ত মনোজ কুমাৰ ডেকা, গুন মহন্তৰ লগতে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ লগতে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি দহ হেজাৰৰো অধিক লোকে সমবেত কণ্ঠৰে ‘মানুহে মানুহে বাবে’ শীৰ্ষক গীতটি পৰিবেশন কৰে।