
নলবাৰীঃ দৰং জিলাৰ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপেশ চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰা কাৰ্যত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিষয়াগৰাকীক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা বিষয়াগৰাকীৰ গৃহ জিলা নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ লগতে জিলা খনৰ একাংশ সচেতন লোকে এই ঘটনাক সহজে লব পৰা নাই৷ নলবাৰী জিলাৰ একাংশ লোকে ভূপেশ চন্দ্ৰ দাসে উপঢৌকন লোৱা কাৰ্য সম্পূৰ্ণ মিছা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
দৰং জিলা পৰিষদৰ এগৰাকী সদস্যৰ পৰা এক লাখ টকাৰ উপঢৌকন লোৱা সময়তে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপেশ চন্দ্ৰ দাসক শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাই আটক কৰিছিল৷ এই ঘটনা সংঘটিত হৈছিল শুকুৰবাৰে বিয়লি ৬ বজাত৷ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জিলাখনৰ লালপুৰ আঞ্চলিক পৰিষদৰ সদস্য তিহাৰু গৌড়ৰ পৰা উপঢৌকন লোৱা বুলি অভিযোগ উত্থাপত হৈছে যদিও যদিও ভূপেশ চন্দ্ৰ দাসৰ গৃহ জিলাৰ বহু সংখ্যক লোকেই এই অভিযোগ একেচাতে খণ্ডন কৰে৷
ভূপেশ চন্দ্ৰ দাসৰ গৃহ জিলা নলবাৰীৰ একাংশ লোকে অভিযোগ খণ্ডন কৰি কয় যে এচাম ব্যক্তিয়ে নিজ স্বাৰ্থ পূৰণৰ বাবে পৰিকল্পিত ভৱে দুৰ্নীতি নিবাৰক শাখাক বিপথে পৰিচালিত কৰি ভূপেশ চন্দ্ৰ দাসক আটক কৰিছে৷ আনহাতে বুধবাৰে বৰভাগৰ আগশাৰীৰ ক্ৰীড়া অনুষ্ঠান বৰভাগ ইউনাটেড স্পৰ্টছ ক্লাৱেও ভূপেশে উৎকোচ লোৱা কাৰ্যক মিচা বুলি কয়৷
ক্লাৱটোৰ সৈতে জড়িত থাকি দাসে এটি টকাও হেৰ-ফেৰ নকৰা বুলি দাবী উত্থাপন কৰি তেনে এগৰাকী নিষ্ঠাবান ব্যক্তিয়ে কেতিয়াও উৎকোচ লোৱাৰ দৰে ঘৃননীয় কাণ্ড সংঘটিত কৰিব নোৱাৰে বুলি অভিযোগকাৰীক প্ৰত্যুত্তৰ দিয়ে বৰভাগ ইউনাটেড স্পৰ্টছ ক্লাৱে৷ লগতে ভূপেন দাসক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবেই এনে অভিযোগ জাপি দিয়া হৈছে বুলিও কয় বৰভাগ ইউনাটেড স্পৰ্টছ ক্লাৱৰ সম্পাদক তৰুণ চন্দ্ৰ শৰ্মাই৷ উল্লেখ্য যে, ভূপেশ দাস বিগত ২০ বছৰ ধৰি বৰভাগ ইউনাটেড স্পৰ্টছ ক্লাৱৰ সভাপতি পদত অধিষ্ঠিত হৈ আহিছে৷
কেৱল ক্ৰীড়ানুষ্ঠানে নহয় নলবাৰী জিলাৰ বহু আগশাৰীৰ সামাজিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত থকা দাসক এগৰাকী নিষ্ঠাবান আৰু সৎ ব্যক্তি বুলি দাবী কৰে বিভিন্ন জনে৷ ভূপেশ দাসৰ দৰে ব্যক্তি এগৰাকীয়ে কোনো কাৰণতে নিজৰ আত্মসন্মানত আঘাত হনা কাৰ্য সংঘটিত নকৰে বুলি দাসৰ ওপৰত বিশ্বাস প্ৰদৰ্শন কৰে বহু নলবাৰীবাসীয়ে৷ আনফালে দৰং জিলাৰ লালপুৰ আঞ্চলিক পৰিষদৰ সদস্য তিহাৰু গৌড়ৰ অভিযোগ সঁচানে নলবাৰী জিলাৰ একাংশ ৰাইজৰ ভূপেশ দাস ওপৰত থকা বিশ্বাস সঁচা সেয়া আগন্তক সময়ত আৰক্ষী আৰু দুৰ্নীতি নিবাৰক শাখাৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব৷