
newsnextone.com | বোকাজানঃ ভাৰতৰ এখন আগশাৰীৰ হাইপাৰ মাৰ্কেট শৃংখলা ফিউচাৰ গ্ৰুপৰ দ্বাৰা পৰিচালিত বিগ বাজাৰে নগালেণ্ডৰ মোহনীয় চহৰ ডিমাপুৰত শনিবাৰে প্ৰথমখন ষ্ট'ৰ মুকলি কৰিলে৷ এই কথা ঘোষণা কৰি ইয়াৰ প্ৰ'পাৰটি অউনাৰ নিবু নাগি আৰু এফ বি বি আৰু বিগ বাজাৰ ষ্ট’ৰ চি ই অ’ মণীষ আগাৰৱালে কয় যে চাৰ্কুলাৰ ৰোডৰ নাগি হাউছত অৱস্থিত সম্পূৰ্ণ নতুন বিগ বাজাৰখন ২৪,১৬৮ বৰ্গফুট জুৰি বৃস্তিত হৈ আছে৷
মুঠতে পাঁচটা মহলা থকাকৈ ডিজাইন কৰা এই ষ্ট'ৰখনত নিত্য প্ৰয়োজনীয় সামগ্ৰী, ফলমূল, শাক-পাচলী, ঘৰুৱা যতনৰ সামগ্ৰী, ব্যক্তিগত যতনৰ সামগ্ৰী, মহিলা-পুৰুষ আৰু শিশুৰ বাবে শেহতীয়া সাজপাৰ আৰু জোতা, ভ্ৰমণকাৰীৰ প্ৰয়োজনীয় সামগ্ৰী, পুতলা আৰু বিভিন্ন বয়-বস্তু একেলগে পোৱা যাব৷
ষ্ট'ৰখন মুকলি কৰাৰ বিষয়ে এফ বি বি আৰু বিগ বাজাৰ, ইষ্ট'ৰ চি ই অ' মণীষ আগৰৱালে কয় যে বিগ বাজাৰত তেওঁলোকে নগালেণ্ডবাসীক সেৱা আগবঢ়াবলৈ পাই অতি আনন্দিত আৰু এই নতুন যাত্ৰাক লৈ তেখেতসকল খুবেই উল্লাসিত৷ এই ষ্ট'ৰখন চহৰখনৰ আবাসীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা হৈছে৷ ষ্ট'ৰখন হ’ব একে স্থানতে বিভিন্ন সামগ্ৰী লাভ কৰিব পৰা এক ক্ষেত্ৰ যি চহৰখনৰ সমূহ উপভোক্তাৰ প্ৰয়োজন পূৰণ কৰিব পাৰিব৷
তেওঁ আৰু কয় যে নগালেণ্ডবাসী এতিয়া বিগ বাজাৰৰ প্ৰফিট ক্লাৱ পৰিয়ালৰো অংশ হ’ব পাৰিব৷ প্ৰফিট ক্লাৱ হল এক ধৰণৰ সদস্যপদ য'ত কোনোৱে ১০০০০ টকা দি ১২ মাহৰ কাৰণে প্ৰতি মাহে ১০০০ টকাৰ বজাৰ কৰিব পাৰে৷ অৰ্থাৎ যিটো ১২ মাহত ১২০০০ টকা হয়৷ এই কাৰ্ডখন সমগ্ৰ দেশৰ ২৮০ৰো অধিক বিগ বাজাৰ আৰু এফ বি বি (ফেশ্যন) ষ্ট'ৰত ব্যৱহাৰ কৰিব পাৰি৷
তাৰোপৰি গ্ৰাহকসকলে ফিউছাৰ গ্ৰুপৰ সকলো ষ্ট'ৰতে অনায়সে বজাৰ কৰিবৰ বাবে বিগ বাজাৰৰ ফিউছাৰ পে' ম'বাইল-ৱালেটৰ সুবিধাও লাভ কৰিব৷ ফিউছাৰ পে' ব্যৱহাৰ কৰি গ্ৰাহকসকলে বিগ বাজাৰ, এফ বি বি, ইজন, হাইপাৰচিটী, ইজি ডে' ক্লাৱ, হেৰিটেজ, নীলগিৰি আৰু ব্ৰেণ্ড ফেক্টৰী ষ্ট'ৰ আদিকে ধৰি ফিউছাৰ গ্ৰুপৰ ১০০০ ৰো অধিক ষ্ট'ৰত বজাৰ কৰিব পাৰিব৷
বৰ্তমান ৫ মিলিয়নৰো অধিক পঞ্জীয়নভুক্ত গ্ৰাহকৰ সৈতে, ফিউছাৰ পে'-এ কেৱল নগদবিহীন লেনদেনৰ সুবিধা আগবঢ়োৱাৰ লগতে গ্ৰাহকসকলে কাৰ্ড কঢ়িয়াবলগীয়া নোহোৱাকৈ ফিউছাৰ পে' লয়েল্টী কাৰ্ড সংযোগেৰে কাৰ্ডবিহীন লেনদেনৰ সুবিধাও আগবঢ়াইছে বুলিও মণীষ আগৰৱালাই জানিবলৈ দিয়ে৷
বিগ বাজাৰে ডিমাপুৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ আবাসীসকলৰ বাবে বজাৰ কৰাৰ সুবিধাজনক আৰু সমৃদ্ধ অভিজ্ঞতা কঢ়িয়াই আনিছে৷ উল্লেখ্য যে, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' আৰু কুডা গাঁৱৰ বেপ্টিষ্ট গীৰ্জাৰ ধৰ্মযাজক ৰেভ মিয়াজিয়েলি ছাখ্ৰিয়ে আয়োজন কৰা এক বিশেষ প্ৰাৰ্থনা সভাত ষ্ট'ৰখন উদ্ধোধন কৰা হয়৷