বিহালী স্নাতক মহাবিদ্যালয়ৰ নবাগতা আদৰণি সভা, বিশিষ্ঠ অতিথিৰ ৰূপত নিতুমনি শইকীয়া

newsnexeone৷ বিহালীঃ আজি বিহালী বিধানসভা সমষ্টি অন্তৰ্গত একমাত্র উচ্চ শিক্ষানুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ত দিনযোৰা কাৰ্যসুচীৰে নবাগতা আদৰণি সভা অনুষ্ঠিত হয়৷ এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত প্ৰটিদিন টাইমৰ মুখ্য সম্পাদক নিতু মনি শইকীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি ছাত্র কয় যে- " ছাত্র ছাত্রী সকলে যি স্বপ্ন দেখে সেই স্বপ্নক চিন্তালৈ পৰিবৰ্তন ঘটাব লাগিব৷ সেই চিন্তাক লক্ষ্য হিচাপে লৈ ভীষ্মৰ দৰে প্ৰতিজ্ঞাবদ্ধ হৈ কৰ্ম কৰিব লাগিব৷ তেতিয়াহে জীৱনত সফলতা অৰ্জন কৰিব পাৰিব বুলি নিজৰ ভাষণৰ পৰ্ব আৰম্ভ কৰে নিতুমণি শইকীয়াই৷

আকৌ নিতুমনিয়ে কয়, প্ৰত্যেকৰে কোনোবা নহয় কোনোবা ক্ষেত্রত যোগ্যতা নিশ্চয় আছে৷ নিজক নিজে বুজিব লাগে কোন কেনেকৈ যোগ্য৷ যি মানুহে নিজক বুজে নিজক জানে তেওঁলোকে অসম্ভৱক সম্ভৱ কৰিব পাৰে৷ অধ্যয়নৰ লগতে নিজৰ কৰ্ম দক্ষতা খিনিকো সমান্তৰালভাৱে সাধনা কৰি আগুৱাই নিব লাগে৷ আজিলৈকে চাৰ্টিফিকেটৰ কাৰণে কোনো ব্যক্তি উজ্বলি থকা নাই৷ ছাত্র ছাত্রী সকল চাৰ্টিফিকেটত যেনেকৈ চোকা সমাজ জীৱনতো সেইদৰে চোকা হ'ব পাৰিব লাগিব৷ জীৱ শ্ৰেষ্ঠ হিচাপে থাকিব বিচাৰিলে ঘৰখন, গাওঁ খন, সমাজ খনৰ প্ৰতি দ্বায়িত্ব থাকিব লাগিব৷ অসম্ভৱ বুলি একো কথাই নাথাকে৷ এটা সন্তানক মাকৰ বাদে দ্বিতীয় কোনেও অধ্যয়ন কৰিব নোৱাৰে৷ গতিকে মাকক সদায় সন্মান কৰিব লাগে আৰু মাৰ সপোন পূৰ্ণ কৰাৰ প্ৰতিজ্ঞা কৰিব লাগে৷

লগতে নষ্টালজিক হৈ পৰি নিতুমনি শইকীয়াই কয় যে, মই বাল্যকালতেই মোৰ সপোন পুৰণ হ'বনে বুলি এদিন মাক সুধিছিলো মা মই ডাঙৰ মানুহ হ'ব পাৰিম নে ৷ তেতিয়া মাই মোক নিজ হাতেৰে তাঁতশালত বৈ ওলোৱা মহামানৱ মহাত্মা গান্ধী, জৱহৰলাল নেহেৰু আৰু মহাপুৰষ মাধৱ দেৱৰ ছবি দেখুওৱা টপটপ চকুলো বোৱাই কৈছিল বোপাই তই ডাঙৰ মানুহ হ'বি বুলি আশীৰ্বাদ দিছিল৷ সেইদিনাই মই মোৰ সপোন চোৱাৰ লক্ষ্য পণ বান্ধি মোৰ আদৰ্শৰ পুৰুষ হিচাপে সেই সময়ৰ লক্ষীমপুৰ জিলাৰ সন্তান তথা বুদ্ধিজিৱী, সাহিত্যিক হোমেন বৰগোঁহাই চাৰক বাচি লৈ আগবাঢ়িছিলো৷ তদুপৰি বিশিষ্ট সাংবাদিক শইকীয়াই আৱেগিক হৈ স্বীকাৰ কৰে যে, মই একলৱ্য মোৰ গুৰু দ্ৰোনাচাৰ্য হ'ল হোমেন বৰগোঁহাই দেৱ৷ সেই দিনা মই মোৰ মাক মই দিয়া সপোন পুৰণ কৰাৰ কথা বাস্তৱায়িত কৰিৱলৈ আজিও মাথো দৌৰি আছোঁ দৌৰি আছোঁ বুলি ব্যক্ত কৰে সাংবাদিক জনে৷" 

নিতু মনি শইকীয়াৰ এঘন্টাযোৰা ভাষনত নিস্তব্ধ গাম্ভীৰ্যপূৰ্ন মননশীল পৰিৱেশ আৰু জাউৰীয়ে জাউৰীয়ে হাত চাপৰিয়ে সকলোকে এক কেন্দ্ৰীভূত কৰি তোলে৷ মহাবিদ্যালয়ৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে বিহালী সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্রী ৰঞ্জিত দত্তই৷ সভাত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দুলদুল বৰকটকী, বিহালী দীনদয়াল মহাবিদ্যালয়ৰ অধক্ষ্য দেবজিত বৰুৱা, বিহালী স্নাতক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ কটকীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ আনহাতে এই সভাতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ দ্বাৰা নিৰ্মিত মাদাৰ ওল্ড এজ হোমলৈ বিহালী স্নাতক মহাবিদ্যালয়ৰ তৰফৰ পৰা ৫ হাজাৰ টকাৰ চেক আনুষ্ঠানিক ভাৱে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ কটকীয়ে প্ৰদান কৰে৷ 

আনহাতে সভাত মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্রিকা এখনো উন্মোচন কৰা হয়৷ ইফালে দিনৰ ১০ বজাত প্ৰথম কাৰ্যসুচী হিচাপে মহাবিদ্যালয় ছাত্র একতা সভাৰ দ্বাৰা নৱাগত ছাত্র ছাত্রীক আদৰনি জনোৱা হয়৷ ১১ বজাত ন-পুৰনি ছাত্র ছাত্রীৰ অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয়৷ সকলো কাৰ্যসুচীৰ অন্তত বিহালীৰ উদীয়মান কন্ঠশিল্পী প্ৰনৱ কুমাৰ দাসৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয়৷ সিফালে, বিহালী স্নাতক মহাবিদ্যালয় প্ৰাচীৰ প্ৰত্ৰিকা খন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে অসম চৰকাৰৰ পৰা সদ্য সাংবাদিক পেঞ্চন প্ৰাপ্ত বিহালীৰ জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱাই৷ উল্লেখ্য যে এই নৱাগত আদৰণি সভাতেই কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই ঘোষণা কৰে যে অহা ১৯ ছেপ্তেম্বৰ তাৰিখে বিহালীত আনুষ্ঠানিকভাৱে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু কেবিনেট মন্ত্ৰী ড• হিমন্তবিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰস্তাৱিত ছবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা কাৰ্যসূচী ৰূপায়িত হ'ব৷