পঞ্চায়ত নির্বাচন আয়োগৰ ভূমিকাক লৈ অসন্তুষ্ট বিৰোধী, ন্যায়ালয়ৰ দ্বাৰস্ত হোৱাৰ হুংকাৰ

বিহালীঃ জাতি-মাটি আৰু ভেটি ৰক্ষাৰ শ্ল’গানৰে অসমত চৰকাৰ গঠন কৰা বি জে পি চৰকাৰে পঞ্চায়ত নির্বাচন পাতিব নিবিচৰা কথাটো অধিক জলজল পট পট হৈ পৰিছে এইবাৰৰ পঞ্চায়ত নির্বাচনত৷ প্ৰাৰ্থীসকলক বিধান সভা আৰু লোকসভাতকৈও অধিক নথি গাঁঠি দিবলৈ বাধ্যতামূলক কৰাটো৷ পঞ্চায়ত নির্বাচন হ’লে বি জে পি চৰকাৰৰ প্ৰতি জনসাধাৰণ যে অসন্তুষ্ট হৈছে সেইটো প্ৰকাশ হোৱাৰ ভয়ত চৰকাৰখনে পঞ্চায়ত নির্বাচন পাতিব বিচৰা নাছিল।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতহে উপায়ন্তৰ হৈ পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছিল যদিও জনসাধাৰণে বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ ৰাইজ আৰু বিৰোধী দলৰ প্ৰাৰ্থীয়ে যাতে অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে পৰ্যাপ্ত সময় নিদিয়াকৈ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। দৰিদ্ৰ শ্ৰেণীৰ ৰাইজ আৰু বিৰোধী দলৰ প্ৰাৰ্থীয়ে যাতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তাৰ বাবে বি জে পি চৰকাৰে প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত অত্যাধিক প্ৰমাণ-পত্ৰ জমা দিয়াৰ নিৰ্দেশ জাৰি কৰি প্ৰাৰ্থীসকলক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনৰ বিৰোধী দলৰ লগতে বহু দল সংগঠনে। 

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাজনো জ্যেষ্ঠ অধিবক্তাই এই বিষয় সম্পৰ্কত মতামত দি কৈছে যে জন প্ৰতিনিধিত্ব আইন মতে বিধান সভা বা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলতকৈ তথ্য-পাতি আৰু প্ৰমাণ জমা দিয়াৰ বেলিকা পঞ্চায়তত শিথিলতা থাকিব লাগে আৰু প্ৰাৰ্থীসকলক তেওঁলোকে বুজি পোৱাকৈ প্ৰশাসনে সহজভাৱে বুজাই দিব লাগে। এই ক্ষেত্ৰতো বি জে পি চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক বিধানসভা আৰু লোকসভাতকৈ বেছি বেছিকৈ প্ৰমাণ-পত্ৰ দাখিল কৰিবলৈ দি প্ৰকৃততে বিৰোধী পক্ষ আৰু দৰিদ্ৰ প্ৰাৰ্থীসকলক প্ৰতিদ্বন্দ্বিতাৰপৰা বঞ্চিত কৰিব বিচাৰিছে বুলিও গভীৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে বিশ্বনাথ জিলা চি পি আই (এম এল) দলে এই বিষয়ে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ আয়ুক্ত গৰাকীক সাক্ষাৎ কৰি ১৫ তাৰিখে স্মাৰক-পত্ৰ প্ৰদান কৰি হস্তক্ষেপ দাবী কৰিছে। 

উল্লেখযোগ্য যে চি পি আই (এম এল)ৰ প্ৰতিনিধি দলটোক বাকীজাই প্ৰমাণ-পত্ৰ নালাগে বুলি কোৱাৰ পাছতো বিশ্বনাথ জিলাৰ উপায়ুক্তগৰাকীয়ে বাকীজাই প্ৰমাণ-পত্ৰ লাগিবই বুলি আকোঁৰগোজ স্থিতি লৈ থকাৰ অভিযোগো উত্থাপিত হৈছে। উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাসকলে জনোৱা মতে ষ্টাম্প পেপাৰ যুক্ত এফিডেফিটত প্ৰাৰ্থী সকলে ঘোষণা কৰাৰ পাছত কোনো নথি গাঁঠি দিব লাগে বুলি উল্লেখ নাথাকিলে সেই ক্ষেত্ৰত এফিডেফিটখনেই সেইবোৰ নথিৰ বাবে যথেষ্ট হ’ব আৰু কোনো বেলেগ প্ৰমাণ-পত্ৰ দিব নালাগে। লগতে  জ্যেষ্ঠ অধিবক্তাসকলে আৰু জনোৱা মতে, আইনমতে পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰাৰ্থীৰ বাবে একেখিনি অৰ্হতা প্ৰয়োজন হ’ব আৰু বাকীজাই প্ৰমাণ-পত্ৰ নিদিয়াকৈ যদি এজন ৱাৰ্ড প্ৰাৰ্থী যোগ্য বিবোচিত হব, তেন্তে বাকী সকল প্ৰাৰ্থীও যোগ্য বিবেচিত হ'ব আৰু ইয়াৰ অন্যথা হ'লে পঞ্চায়ত নির্বাচনী বিধি উলংঘা কৰাৰ বিধিগত অভিযোগ উত্থাপন কৰিব পাৰিব। লগতে প্ৰাৰ্থী সকলে জমা দিব লগা শপতনামাৰ বাবে নিৰ্দ্ধাৰণ কৰা বিশ টকীয়া দলিলৰ যোগান দিব নোৱাৰি আন এক লুট-পাতৰ ব্যৱস্থা প্ৰশাসনে কৰিছে বুলিও এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে। বিশ্বনাথ জিলাত প্ৰাৰ্থীসকলে বিশ টকীয়া দলিল নাপাই পঞ্চাশ টকীয়া দলিল কিনিব লগা হৈছে।

সেয়ে বি জে পি চৰকাৰে পঞ্চায়ত নিৰ্বাচনক প্ৰহসনত পৰিণত কৰি গণতন্ত্ৰৰ কবৰ দিব নেকি সেই শংকা এতিয়া ঘণীভূত হৈ পৰিছে। হাৰাশাস্তিত অতিষ্ঠ হোৱা লগতে প্ৰতিদ্বন্দিতাৰপৰা বঞ্চিত হোৱা প্ৰাৰ্থীসকলে এনেবোৰ অভিযোগ লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হোৱাৰ যো-জা চলাইছে বুলি জানিব পৰা গৈছে৷ যাৰ ফলত এইবাৰৰ পঞ্চায়ত নির্বাচন আইনী মেৰপাকত সোমাই পৰাৰ ১০০ শতাংশ সম্ভাৱনাই দেখা দিছে।