
ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ নকাৰী আঞ্চলিক ৰঙালী বিহুৱে এইবেলি ২৫ বৰ্ষত ভৰি দিলে৷ ৰূপালী জয়ন্তী বৰ্ষ অহা ২-৫ মে' লৈ চাৰিদিনীয়া কাৰ্যসূচীৰে নকাৰী শেনচোৱা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব৷ বিহু সন্মিলনৰ সৈতে সংগতি ৰাখি থলুৱা সাজপাৰ, থলুৱা খাদ্য সামগ্ৰী, থলুৱা আ-অলংকাৰ আদিৰ ৫০ খন বিপনীৰ ব্যৱস্থা কৰিছে৷
কাৰ্যসূচী অনুসৰি প্ৰথম দিনটোত পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন আৰু মঞ্চ মুকলি, ১০০১ নকাৰী নাচনি নাচ প্ৰদৰ্শন, ঢোল, পেপা, গগনা, হুতুলী, বাঁহী, বিহুগীত প্ৰতিযোগিতা, মইনাদলৰ হুঁচৰি আৰু যুৱতী দলৰ গছৰ তলৰ বিহু প্ৰতিযোগিতা, বিহুৱতী আৰু বিহুৱা প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় লোকৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷
দ্বিতীয় দিনা সন্মিলিত বিহুৰ পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰা, গামোচা প্ৰতিযোগিতা, পিঠা প্ৰতিযোগিতা, মইনা দলৰ গছ তলৰ বিহু আৰু বোৱতী বিহু প্ৰতিযোগিতা, স্মৃতিগ্ৰন্থ উন্মোচন আৰু যুৱক দলৰ হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷
তৃতীয় দিনটোত কুইজ, চিত্ৰাংকন, ঝুমুৰ আৰু বিহু নাচ প্ৰতিযোগিতা, আবেলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডঃ সত্যকাম বৰঠাকুৰৰ সঞ্চালনাত ‘সাম্প্ৰতিক কালৰ মঞ্চ বিহু-সংস্কৃতি আৰু আচল গ্ৰাম্য বিহু সংস্কৃতি ওপৰত ইয়াৰ প্ৰভাৱ’ শীৰ্ষক আলোচনা অনুষ্ঠিত হ’ব৷
আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অনিল শইকীয়াকে ধৰি কেইবাজনো লোক উপস্থিত থাকিব৷ নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ অন্তিম দিনটোত শনিবাৰে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত "বহাগৰ কবিতা" শীৰ্ষক কবিতা অনুষ্ঠান অনুষ্ঠিত হ’ব৷ মুকলি সভাত বিহুৰ বিশেষজ্ঞ অধ্যাপক ইছমাইল হুছেইন, বিশিষ্ট অতিথি সদৌ অসম ছাত্ৰ সন্থাৰ সধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈ উপস্থিত থাকিব৷
সামাজিক, সংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত অগ্ৰণীয় ভূমিকা আগবঢ়োৱা মজলীয়া বিদ্যায়লৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰুৱা, গৰখীয়া গীতৰ জনক প্ৰতাপ হাজৰীকা, বিশিষ্ট সমাজসেৱক তথা টিংৰাই জাতীয় বিদ্যালয়ৰ মালিক ভৱানী ফুকন, নকাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মুখ্য উপদেষ্টা, নকাৰী বায়নচুক গাঁৱৰ বিশিষ্ট বায়ন তথা সমাজসেৱক আনন্দ্ৰ গগৈক সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু বিহু পৰিচালনা সমিতিৰ সহযোগত সম্বৰ্ধনা জনোৱা হ’ব৷