বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুত মৰিগাঁও, গৌৰীসাগৰ, শিৱসাগৰত শোক প্ৰকাশ

মৰিগাঁও/গৌৰীসাগৰ/শিৱসাগৰঃ বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুত মৰিগাঁও জিলা সাংবাদিক সংস্থাই গভীৰ শোক প্ৰকাশ কৰে। সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা আৰু সম্পাদক জিতুমনি বিশিষ্ট অভিনেতা ফুকনৰ মৃত্যুৱে অসমীয়া ছবি জগতত বিশাল শূন্যতাৰ সৃষ্টি কৰিলে বুলি কয়। বিশিষ্ট অভিনেতা জনৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

NNO গৌৰীসাগৰঃ অসমীয়া জাতিৰ নক্ষত্ৰ বিজু ফুকনৰ মৃত্যুত শোকপ্ৰকাশ কৰে শিৱসাগৰৰ অঞ্চলৰ ৰাইজ৷ দিখৌমুখ আঞ্চলিক ছাত্র সন্থা আৰু সমূহ দিখৌমুখবাসী ৰাইজে অশ্রুসিক্ত নয়নেৰে শেষ শ্রদ্ধাঞ্জলি যাচে জনপ্ৰিয় অভিনেতাগৰাকীক৷ তেওঁৰ মৃত্যুত সমগ্র অসমবাসীয়ে সঁচা অৰ্থত এজন অভিনেতা হিচাপেই নহয় এজন নিভাজ অসমীয়া সহজ সৰল ব্যক্তিক হেৰুৱাইছে বুলি প্রকাশ কৰে ছাত্র সংগঠনটোৰ বিষয়ববীয়া সকলে বিশিষ্ট অভিনেতা গৰাকীলৈ শেষ শ্রদ্ধাঞ্জলি যাচে৷

NNO শিৱসাগৰঃ অসমীয়া চলচ্চিত্ৰ জগতৰ মহানায়ক বিজু ফুকনৰ বিয়োগত শিৱসাগৰ প্ৰেছ কৰেছপণ্ডেন্টছ এছোচিয়েছনে গভীৰ শোক প্ৰকাশ কৰে। শিল্পী গৰাকীয়ে অভিনয় প্ৰতিভাৰে যোৱা পাঁচটা দশক জুৰি অসমীয়া ছবিৰ দৰ্শকক মোহাবিষ্ট কৰি ৰাখিবলৈ সক্ষম হৈছিল বুলি কয় সাংবাদিক সংগঠনটোৱে। বিজু ফুকনৰ বিয়োগত অসমীয়া বোলছবি জগতৰ এটি যুগৰ সমাপ্তি ঘটিল। শিল্পী গৰাকী বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ শিৱসাগৰ প্ৰেছ কৰেছপণ্ডেন্টছ এছোচিয়েছনৰ হৈ সমবেদনা জ্ঞাপন কৰিছে। শিৱসাগৰ নৱজ্যোতি সাংস্কৃতিক সংঘ, ৰূপহী বিল সন্মিলিত যুৱ সংঘ, শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভা, বিহু সুৰক্ষা সমিতি শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন দাসে গভীৰ শোক প্ৰকাশ কৰে।

NNO দলংঘাটঃ অসমীয়া বোলছবি জগতৰ বলিষ্ঠ অভিনেতা বিজু ফুকনৰ মৃত্যুত দৰং জিলাৰ দেওমৰনৈত শোকৰ ছাঁ পৰে ৷ শিল্পীগৰাকীৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতি, বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থা, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা, দেওমৰনৈ সাহিত্য সভা আদি অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷