
ৰঙিয়াঃ বাইক এখন পুখুৰীত পৰি আছে৷ স্থানীয় ৰাইজৰ মাজত হুৱা দুৱা লাগিল৷ বাইক পৰি আছে যেতিয়া কিজানিবা বাইক চালকো পুখুৰীত পৰি যাব পাৰে৷ দুৰ্গা পূজাৰ বতৰত এনেয়েও টেটুলৈকে গিলি এটা চামৰ গাত হুচ নাইকীয়া অৱস্থা হৈ থাকে৷ কিজানিবা তাৰে নিচাতেই কোনো দুৰ্ঘটনা সংঘটিত হৈ বাইক সহ পুখুৰীত পৰি গ’ল৷ তেনে এক সন্দেহতে স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মাজত হুৱা দুৱাৰ সৃষ্টি হ’ল৷
লাহে লাহে এজন দুজনকৈ স্থানীয় লোক পুখুৰীত পাৰত উপস্থিত হৈ সভা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিলে৷ তাৰ মাজতেই কোনোৱা এজনে চিঞৰি উঠিল- ‘পুলিচক খবৰ দে সোনকালে’৷ সকলোৰে মনত উৎকণ্ঠা, কেইজন বা আছিল বাইকখনত!
এই ঘটনা ৰঙিয়াৰ বালিসত্ৰৰ৷ বালিসত্ৰৰ পুখুৰীত আজি এখন বাইক পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মাজত হুৱা দুৱা আৰম্ভ হৈ পৰে৷ পাছত এই সন্দৰ্ভত স্থানীয় ৰাইজে কঞাঁ আৰক্ষীক খৱৰ দিয়াত কঞাঁ আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয়৷ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে পুখুৰীৰ পানীৰ তলৰ পৰা এখন পেছন প্লাছ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
পাছত ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পাছত হে সকলো কথা পোহৰলৈ আহে৷ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি বাইকখন হৈছে চুৰি বাইক৷ নৱমীৰ দিনা পুঠিমাৰী পূজা থলীৰ পৰা ধুহিবালাৰ মেধী হাচান নামৰ যুৱক জনৰ পৰা চুৰি হৈছিল এই বাইকখন৷ পিছে চোৰে বাইকখন লগত আৰক্ষী প্ৰশাসনৰ দৃষ্টিৰ পৰা বাহিৰ কৰি লৈ যাব নোৱাৰি উপায়ন্তৰ হৈ শেষত পুখুৰীতে পেলাই পলাই যায়৷
ইতিমধ্যে আৰক্ষীয়ে গৰাকীক বাইকখন গতাই দিয়াৰ যো-জা চলাইছে৷ আনফালে বাইকখনৰ কোনো আৰোহী পুখুৰীত পৰি সলিল সমাধি নঘটা বুলি জানিব পাৰি স্বস্তিৰ নিশ্বাস এৰিছে স্থানীয় ৰাইজে৷