মঙলদৈত বাইক চুৰি কৰিবলৈ গৈ ৰঙাঘৰত বাইক চোৰ

মঙলদৈঃ মঙলদৈ ইছলাম পুৰত দিন দুপৰতে বাইক চোৰ কৰিবলৈ আহি ৰাইজৰ ঔ-কিল খালে এজন বাইক চোৰে৷

জানিব পৰা মতে, হৃদয় ৰঞ্জন কাশ্যপ নামৰ যুৱক এজনে নিজৰ As-13E-5305 নম্বৰৰ পালচাৰ বাইক খন বাহিৰত ৰখাই টকা উলিয়াৱৰ বাবে ATM এটাত প্ৰৱেশ কৰে। ঠিক তেনে সময়তে খাপ পাতি ৰৈ থকা মনোজ দাস নামৰ বাইক চোৰ জনে বাইক খন লৈ পলাবলৈ চেষ্টা কৰোঁতেই গৰাকীয়ে প্ৰত্যক্ষ কৰি হুলস্থূল লগায়৷

ফলত উপস্থিত ৰাইজে একগোট হৈ চোৰজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ বাইক চোৰৰ অপৰাধত স্থানীয় ৰাইজে মনোজ দাস নামৰ ধৃত চোৰজনক উত্তম মাধ্যম সোধাই পাছত মঙলদৈ আৰক্ষীক গটাই দিয়ে৷

বাইক চোৰ মনোজ দাস নামৰ যুৱকজন এতিয়া ৰঙাঘৰৰ আলহী হৈ আছে৷