সংবিধান-গণতন্ত্ৰ ৰক্ষা-নিৰাপত্তাৰ সংকল্পৰে বন্তি প্ৰজ্জ্বলন

বিলাসীপাৰাঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা আৰু আঞ্চলিক শাখাৰ উদ্যোগত বিলাসীপাৰা গান্ধী চ'কত ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ ৰক্ষা আৰু নিৰাপত্তাৰ সংকল্পৰে বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।

বিশ্বজিত শৰ্মা, নৱ বৰুৱা, হেমন্ত দাসকে ধৰি অৰ্ধশতাধিক যুৱ-ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা আৰু আঞ্চলিক শাখা সমিতিৰ কৰ্মীসকল উপস্থিত থাকে।