বলিৰচৰত ঈদৰ আনন্দৰ মাজতে ক্ষোভৰ জুই, ভঙা দলং পাৰ হৈ যাব লগা হল নামাজলৈ

newsnextone.com | বিলাসীপাৰাঃ সমগ্ৰ বিশ্বৰ লগতে অসম ৰাজ্যৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়াৰ চৰ গাঁও বলিৰচৰ গাঁৱতো উলহ মালহেৰে ঈদ-উল-আজহা পালন কৰা হয় যদিও গাঁও পঞ্চায়ত খনৰ ৰাস্তা ঘাটৰ দূৰৱস্থাৰ ফলত বলিৰচৰ গাঁওবাসীয়ে বলিৰচৰ ঈদগাহ ময়দানত নামাজ আদায় কৰিবলৈ অহাত জীয়াতু ভূগীবলগীয়া হৈছে। 

যাৰ ফলত আজি পবিত্ৰ ঈদৰ দিনাও অঞ্চলবাসীয়ে চৰকাৰ আৰু গাঁও পঞ্চায়তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, মায়াৰ চৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্রী মহিৰণ নেছাই একেৰাহে তিনি বাৰ নিৰ্বাচিত হৈছিল যদিও তেওঁ পঞ্চায়তখনৰ উন্নয়নৰ বাবে একো কামেই নকৰিলে বুলি ৰাইজে অভিয়োগ উত্থাপন কৰিছে।

ৰাইজৰ অভিযোগ অনুসৰি নেছাই পঞ্চায়তখনৰ অধীনস্থ পথসমূহ মেৰামতিৰ বাবে চৰকাৰী আবন্টন গ্ৰহণ কৰি ২০ শতাংশ কামো নকৰি সমস্ত ধন আত্মসাত্ কৰি হাৰ ফলতে অঞ্চলটোৰ পথ সমূহৰ এনে ৰূপ হৈছে।

আনহাতে বৰ্তমানৰ পঞ্চায়ত সভানেত্ৰী আয়েশা খাতুনেও পঞ্চায়তখনৰ উন্নয়ণৰ বাবে একো কাম নকৰাকৈয়ে ৫ টা বৰ্ষ অতিক্ৰম কৰা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই দুই সভানেত্ৰীৰ কাৰ্যকালত পঞ্চায়তখনৰ ৰাস্তা-ঘাটেৰে এখন ঠেলাও নিব নোৱাৰি বুলি অভিযোগ তুলি ৰাইজে আজি পবিত্ৰ ঈদৰ দিনাও ক্ষোভ উজাৰা পৰিলক্ষিত হৈছে।