জুৱা খেলত হাৰি স্বামীয় হত্যা কৰিলে পত্নীক

বিলাসীপাৰাঃ যোৱা ৮ মে দ্বিতীয় ৰোজাৰ বুধবাৰ দিনা ইফতাৰৰ সময়ছোৱাত বাঘমাৰী ১ ম খণ্ড গাঁওৰ স্বামী মহিদুল হকে তেওঁৰ পত্নী আনোৱাৰ খাতুনক ডিঙি চেপি নৃশংসভাৱে হত্যা কৰাৰ বিষয়টোত স্থানীয় ৰাইজে সহজভাৱে লোৱা নায়৷

শনিবাৰে বাঘমাৰী স্থানীয় এলেকাৰ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু লগতে সকলো মহিলা বাঘমাৰী  ৰাজপথত ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দুখীক শাস্তি দিয়াবৰ বাবে। ঘটনাৰ বিৱৰণী মতে পত্নী আনোৱাৰা খাতুনে চৰাই বিক্রী কৰি ৫০০ টকা তেওঁৰ স্বামী মহিদুল হকক বজাৰ কৰি আনিবলৈ কৈছিল যদিও স্বামী মহিদুল হকে বজাৰ নকৰি জুৱা খেল খেলি ৫০০ টকা হাৰি গৈ বজাৰ নকৰাকৈ এনে ঘৰলৈ ঘুৰি অহাৰ ফলত স্বামী পত্নীয়ে তৰ্ক-বিতৰ্ক কৰে৷

যাৰ ফলত দানৱ মহিদুল হকে হৈ এই জঘন্য হত্যা কাণ্ড সংঘটিত কৰিছিল বুলি জানিব পৰা যায়৷