
বিলাসীপাৰাঃ সদৌ অসম উকীল সন্থাৰ নেতৃত্বত সমগ্ৰ অসমৰ লগতে শুকুৰবাৰে বিলাসীপাৰাতো নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবীত দুঘন্টীয়া প্ৰতিকী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
উক্ত কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাৰপৰা দুপৰীয়া ১ বজালৈ বিলাসীপাৰা উকীল সন্থা কাৰ্যালয় প্ৰাংগণত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবীত দুঘন্টীয়া প্ৰতিকী ধৰ্মঘট পালন কৰা হয়।
উক্ত কাৰ্যসূচীত বিলাসীপাৰা উকীল সন্থাৰ সকলো উকীলে উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবী জনায়। অন্যথা ইয়াত কৈ ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি বিলাসীপাৰা উকীল সন্থাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে।