এফালে প্ৰধান শিক্ষক, নামত আছে কিন্তু কামত নাই

বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ছুৱাপাতা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুল বাৰিক মিঞা বহু দিনৰপৰা কৰি অহা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী লগত পৰিচালনা সমিতিৰ সভাপতি।

জানিব পৰা মতে, মতে বিগত কেইমাহমানৰপৰা বিদ্যালয়ত অনিয়মিত ভাৱে উপস্থিত থকাৰ লগতে মধ্যাহ্ন ভোজনৰ কেলেংকাৰীৰ তথ্য সদৰী কৰিলে ছাত্ৰ ছাত্ৰী সমূহে।

বহু দিনৰপৰা বিভিন্ন ভাৱে অভিযোগ দাখিল কৰি আহিছিল যদিও এই ক্ষেত্ৰত বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। 

প্ৰধান শিক্ষকৰ নামত কোনো ক্লাছ কৰা পৰিলক্ষিত নহ’ল বিদ্যালয়খনৰ দৈনিক দিনপঞ্জীত। ৪৪৩ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ৯ জন শিক্ষক নিয়োগ হৈ আছে কিন্তু প্ৰধান শিক্ষক অকল নামত হে আছে কামত নাই। মাহৰ মূৰত এবাৰ বা দুবাৰ খোৱা দিয়ে বুলি অভিযোগ তুলিলে ছাত্ৰ ছাত্ৰীয়ে। অতি সোনকালে প্ৰধান শিক্ষকৰ বদলিৰ দাবী উত্থাপন কৰিছে পৰিচালনা সমিতিৰ সভাপতি লগতে সমূহ ছাত্ৰ ছাত্ৰী।