শাখা সাহিত্য সভা ভৱনত নেৰিটছ'ৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ

বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক শৈক্ষিক জ্ঞান-প্ৰতিষ্ঠানৰ উদ্যোগত নেৰিটছ জ্ঞান সৰোবৰৰ মঙলবাৰে এদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে। উক্ত প্ৰশিক্ষণ শিবিৰত অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীৰ লগত  উপস্থিত থাকে নেৰিটছ'ৰ পৰিচালক সঞ্চালক মাননীয় পিঙ্কু চৌধুৰী নেৰিটছ'ৰ জন সম্পৰ্ক কৰ্তা বিজয় কুমাৰ নাথ সাংবাদিক প্ৰশান্ত কুমাৰ দাস, ফৰিছ উদ্দিন আহমেদ।

এদিনীয়া প্ৰশিক্ষণ শিবিৰত শিক্ষাৰ্থী সকলক পোনপটীয়াকৈ শুদ্ধ নিয়মাৱলীৰ আৰু কৰণীয় কত্তৰ্ব্যৰ বিষয়ে ব্যাখ্যা কৰে পিঙ্কু চৌধুৰী দেৱে আৰু সহযোগ কৰে বিজয় কুমাৰ নাথে। সমূহ প্ৰশিক্ষাৰ্থীৰ পূৰ্বৰ অভিজ্ঞতা আৰু মতামতৰ সৈতে আলোচনা আগবঢ়াই সাংবাদিক প্ৰশান্ত কুমাৰ দাসে।

দিনজোৰা বিভিন্ন কাৰ্য্যসূচীৰ অন্তত সকলোৰে মঙ্গল প্ৰাৰ্থনা কৰি এদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সমাপ্তি ঘোষণা কৰে।