বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত এ আই ইউ ডি এফৰ ১৩ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন

newsnextone.comবিলাসীপাৰাঃ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা জিলা সমিতি কাৰ্য্যলায় প্ৰাঙ্গণত বুধবাৰে এ আই ইউ ডি এফ দলৰ ১৩ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী অনুসৰি পুৱা দহ বজাত দলীয় পতাকা উত্তোলন কৰা হয়।

দলীয় পতাকা উত্তোলন কৰে এ আই ইউ ডি এফৰ বিলাসীপাৰা জিলা সমিতি সভাপতি সম্পাদক দ্বয় ক্রমে আলহাজ আব্দুল খালেক চাহাব আৰু আলহাজ আব্দুল জলিলে। দলীয় পতাকাক সন্মান জনাই এ আই ইউ ডি এফ জিন্দাবাদ, মৌলানা বদৰুদ্দিন আজমল জিন্দাবাদ, হাফিজ বছিৰ আহমেদ কাছেমী, জিন্দাবাদ আৰু জিলা কমিটি জিন্দাবাদ আদি শ্ল গানেৰে উত্তাল কৰি তোলে।

কাৰ্যসূচীত উপস্থিত হোৱা এ আই ইউ ডি এফৰ কৰ্মী সকলক মিঠাই খুৱায় হয়। পাছত এ আই ইউ ডি এফ দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে বিলাসীপাৰা জিলা সমিতি সভাপতি আলহাজ আব্দুল খালেক চাহাবৰ সভাপতিত্ব সভা এখন অনুষ্ঠিত কৰে।

সভাত এ আই ইউ ডি এফৰ কৰ্মী আ: মজিদ, আ: আজিজ, কলিম উদ্দিন মণ্ডল, আবুল হুছাইন,কহিনুৰ বেগম আদিৰ লগতে বিলাসীপাৰা জিলা জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা ছুলাইমান আলী আৰু ইউ ডি এছ এফৰ (ছাত্ৰ মৰ্চাৰ) কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোছলেম উদ্দিন মণ্ডলে আদিয়ে উপস্থিত থাকি দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে বিস্তাৰিত ভাবে ভাষণ প্ৰদান কৰে।

প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত শতাধিক দলীয় কৰ্মী উপস্থিত থাকে। বিৱসৰ লগত সংগতি ৰাখি এ আই ইউ ডি এফ কৰ্মী সকলে বিলাসীপাৰা অসামৰিক চৰকাৰী চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগী সকলৰ মাজত ফল মূল আদি বিতৰণৰ কৰে।