
newsnextone.com | বিলাসীপাৰাঃ দেওবাৰে নামনিৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গণ সমদল উলিয়াই বিলাসীপাৰাৰ ৰাজপথ কঁপাই তোলে৷ দেওবাৰে পুৱাৰে পৰা যুৱ-ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ আহ্বানত বিলাসীপাৰা চহৰৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত সমবেত হয় কেইবা সহস্ৰাধীক লোক৷
বিলাসীপাৰাৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহৰ পৰা বিলাসীপাৰা পুৰণি বজাৰলৈকে গণ সমদল উলিয়াই আকাশ বতাহ কঁপাই তোলে৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰে ৰাজপথ৷ গণ প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি, আছু, কোচ-ৰাজবংশী ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদ, কলিতা জনগোষ্ঠী, সচেতন যুৱ মঞ্চ নয়াহাট, নাগৰিক সুৰক্ষা মঞ্চ অসম, প্ৰাক্তন আলফা ঐক্য মঞ্চ, বিলাসীপাৰা উকিল সন্থা, বিলাসীপাৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী, অগপ আৰু বিভিন্ন দল সংগঠনৰ লগতে নাথ যোগী ছাত্ৰ সন্থা, দেশী মহাসভা অসমে অংশগ্ৰহণ কৰি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ উত্তাল কৰে৷
শেষত এখন গণ সমাবেশ অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে কেইবাগৰাকী লোকে ভাষণ প্ৰদান কৰি চৰকাৰক সমালোচনা কৰে৷ এই বিধেয়ক কোনো কাৰণত গৃহিত হ’ব নিদিয়াৰ হুংকাৰ দিয়ে৷ প্ৰতিবাদী সভাত দল-সংগঠন হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ খুজি যিখন বিধেয়ক গৃহিত কৰিব খুজিছে তাৰ বিৰুদ্ধে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি কৈ অসম তথা কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিয়ে। অনতিপলমে এই আইন বাতিল নকৰিলে পুনৰ অসম আন্দোলন কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিয়ে। অসম আন্দোলনত অসমক ৰক্ষাৰ বাবে ৮৫৫গৰাকী শ্বহীদ হৈছিল বুলি কৈ আন্দোলনৰ ফলত অসম চুক্তি ৰূপায়ন কৰা বুলি কৈ হিন্দু বাংলাদেশীৰ বোজা কেতিয়াও অসমে নোলোৱাৰ হুংকাৰ দিয়ে৷