বিলাসীপাৰাত ১৫০ তম গান্ধী জয়ন্তী উদযাপন

newsnextone.com বিলাসীপাৰাঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত ১৫০তম গান্ধী জয়ন্তী উদযাপন কৰা হয়। উল্লেখ্য যে ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে মহা মানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হয়।

সেই উপলক্ষে মঙলবাৰে ৰাতিপুৱা ১১ বজাত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা থানা মোৰত আৰু বিলাসীপাৰা ব্লক কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা ৰাজীৱ ভৱনত ১৫০ তম গান্ধী জয়ন্তী উদযাপন কৰা হয়।

মহান নেতা গৰাকীৰ প্ৰতিচ্ছবিত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে(আলকাছ) মাল্য অৰ্পণ কৰি ফুল, ধূপ-ধূনাৰে পুষ্পাঞ্জলি জনায়। উক্ত অনুষ্ঠানত ধুবুৰী জিলাৰ যুৱ  কংগ্ৰেছৰ সাধাৰণ সম্পাদক আকতাৰ হুছাইনৰ লগতে নায়েৰ আলগা ব্লক কংগ্ৰেছৰ উপ-সভাপতি আলহাজ জয়নাল আবেদীন, সাধাৰণ সম্পাদক আফজালুৰ ৰহমান, কোকৰাঝাৰ জিলাৰ এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন সেখ, বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সফিকুল ইছলাম, জেষ্ঠ মুৰব্বী আবুল হাসেমৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ কৰ্মী সকলকে ধৰি কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মী আদিয়ে অংশগ্ৰহন কৰি জাতিৰ পিতা মহাত্মা গান্ধীক পুষ্পাঞ্জলি অৰ্পণ কৰি গান্ধী জয়ন্তী উদযাপন সম্পৰ্কে বিভিন্ন বক্তায় বক্তৃতা প্ৰদান কৰে।

বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ কৰ্মী সকলে গান্ধী জয়ন্তী উদযাপন ৰ লগতে সংগতি ৰাখি বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগী সকলৰ মাজত ফল মূল আদি বিতৰণ কৰে। একে দৰে বিলাসীপাৰা ব্লক কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা ৰাজীৱ ভৱনত মহা মানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উদযাপন কৰে। মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৃত বাদশা দেৱে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰি ফুল, ধূপ-ধূনা ৰে পুষ্পাঞ্জলি জনায়। গান্ধী জয়ন্তী উদযাপন উপলক্ষে বিলাসীপাৰা ব্লক কংগ্ৰেছৰ সভাপতি আবু বক্কাৰ ছিদ্দিকৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰে।

সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৃত বাদশা দেৱেৰ লগতে বিশিষ্ট নেতা সকলে উপস্থিত থাকি গান্ধী জয়ন্তী উদযাপন সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষন প্ৰদান কৰে।