বিলাসীপাৰাত নদীত গা ধুবলৈ গৈ এটি শিশুৰ সলিল সমাধি,দুটি শিশুক ৰাইজৰ জীৱন্তে উদ্ধাৰ,ব্যৰ্থ প্ৰশাসন,এছ ডি আৰ এফ

newsnextone.com। বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী চকীৰ অন্তৰ্গত কাজাইকাটা গৌৰাং নদীত তিনি গৰাকী শিশু পুৱা ৬.৩০ বজাত গা ধুবলৈ গৈ সন্ধানহীন হয়। ঘটনাটো সংঘটিত হোৱাৰ পাছত ৰাইজে তাৎক্ষনিকভাৱে দুটি শিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কিন্তু আন এগৰাকী শিশু তছলিমা খাতুন (৬)ক উদ্ধাৰ কৰিব নোৱাৰিলে। পাছত উক্ত ঘটনাৰ খবৰ পাই বিলাসীপাৰা আৰক্ষী আৰু SDRFয়ে  দিনৰ ১বজাত ঘটনা স্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় যদিও গুৰুত্ব আৰোপ নকৰি গাফিলতি কৰিছে শিশুটিৰ প্ৰতি। এওঁলোক গাফিলতিৰে উদ্ধাৰ অভিযান চলাই অৱশেষত চাৰি বজাত ঘটনা স্থলীৰ পৰা উভতি যায়।

আৰক্ষী এছ ডি আৰ এফ-ৰ চৰম ব্যৰ্থতা ধিক্কাৰ জনাই ৰাইজে শুকুৰবাৰে পুৱাৰ পৰা হাতে-কামে লাগি থাকি অৱশেষত আজি পুৱা ৮বজাত কাজাইকাটা দলংৰ তলত শিশুটোৰ মৃতদেহ ভাঁহি উঠা দেখা পাই ভুটভুটি নাওঁৰে ৰাইজৰ সহযোগত বিলাসীপাৰা অধিবক্তা সাহজামাল সেখ আৰু কোকৰাঝাৰ জিলাৰ এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন সেখ, এন এছ ইউ আইৰ কৰ্মী কাইযুম মণ্ডলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শিশু গৰাকীৰ মৃতদেহ নায়েৰ আলগা আৰক্ষী প্ৰশাসনৰ হাতত চমচাই দিয়ে। আৰক্ষীয়ে মৃত শিশুটি বিলাসীপাৰা থানা লৈ যায়।  বিলাসীপাৰা আৰক্ষী থানাৰ পৰা শিশুৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসা লৈ প্ৰেৰণ কৰে। এনে দুৰ্ঘটনাক লৈ প্ৰশাসন এছ ডি আৰ এফ-ৰ চৰম ব্যৰ্থতা তথা গাফিলতি কৰাত এন এছ ইউ আইৰ ছাত্ৰ সংগঠনটোৱে তীব্ৰ ধিক্কাৰ দিছে।