বিলাসীপাৰাত দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন

ডিজিটেল ডেক্স,বিলাসীপাৰাঃ বিলাসীপাৰাত সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিলাসীপাৰা বানিয়াপাৰা গৌৰাং নৈৰ ঘাটত দেৱী বিসৰ্জনৰ কৰি থকা হৈছে। উখল-মাখল পৰিৱেশ বিলাসীপাৰাত। সাৰ্বজনীন দূৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত বিলাসীপাৰাৰ ৰাজপথ জনসমুদ্ৰত পৰিনত হৈ পৰিছে। এইবাৰৰ দূৰ্গা পূজা সমগ্ৰ অসমৰ লগতে বিলাসীপাৰাতো শান্তিপূৰ্ণ ভাৱে পালিত হোৱা বুলি বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী য়ে সাংবাদিকক জানিবলৈ দিয়ে। শান্তিপুৰ্নভাৱে দূৰ্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা সহায় সপযোগীতা আগঢ়োৱা হৈছে বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে। ইফালে দূৰ্গা পূজা উপলক্ষে প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে প্ৰায় ১২ হাজাৰো অধিক লোকৰ মাজত খোৱা পানী যোগান ধৰে ধুবুৰী জিলা পূৱ বিজেপি দলৰ সভাপতি সুধীৰ কুমাৰ চন্দ্ৰ ৰায়ে। 

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম প্ৰতিবেদন।