মানচাওঁ বিমল বৰপাত্র গোঁহাইক ৰাজহুৱা সম্বর্ধনা শিৱসাগৰবাসীয়ে

বেতবাৰীঃ বৰ অসমৰ গুৰি ধৰোতা ৬০০ বছৰীয়া আহোমৰ ৰাজত্ব কালৰ ইতিহাস-সমল যুৱ প্ৰজন্মৰ মাজত সজীৱ কৰি ৰখাৰ বাবে ওৰে জীৱন কাম কৰি অহা বিশিষ্ট টাই পণ্ডিত দেওবাৰে শুভেচ্ছা তথা সম্বৰ্ধনা যাচে৷ ওৰেটো জীৱন অসম, অসমীয়া আৰু স্ব-জনগোষ্ঠীটোৰ হকে কাম কৰাৰ স্বীকৃতি দিয়ে দেওঁবাৰে৷

তাহানিৰ আহোমৰ ৰাজধানী ঐতিহ্যমণ্ডিত শিৱসাগৰত ৰাইজে আদৰ, মৰম, সন্মান যাচে৷ পণ্ডিত, বিশিষ্ট টাই ভাষা-সংস্কৃতিৰ গৱেষক, সমাজকর্মী মানচাও বিমল বৰপাত্র গোঁহাইক বিশেষ ভাবে সম্বৰ্ধনা যাচি শিৱসাগৰবাসীয়ে খোলা জীপছীত চহৰ ঘুৰাই৷ এই গৰাকী ভাষা-সংস্কৃতিৰ গৱেষকক ৰাজ্য চৰকাৰে ২০১৭ বর্ষৰ চ্যুকাফা বঁটা প্রদান কৰে৷

টাই ভাষা উত্তৰণৰ ক্ষেত্ৰত জীৱন জোৰা সাধনাৰ বাবে শিৱসাগৰৰ শিমলুগুৰি নিবাসী বিশিষ্ট টাই পণ্ডিত বিমল বৰপাত্ৰগোহাঁইক অসম চৰকাৰে চুকাফা বঁটা প্ৰদান কৰাৰ পিছতে গৃহ জিলা শিৱসাগৰৰ শিমলুগুৰিত আনন্দৰ বন্যা বয়।

শিৱসাগৰ জিলাৰ শিমলুগুৰিত সদৌ টাই আহোম ছাত্ৰ সন্থাই ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনায়। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰায় অৰ্ধশতাধিক দল-সংগঠনে সম্বৰ্ধনা জনাই বিশিষ্ট টাই পণ্ডিতগৰাকীক।

শিমলুগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এক ৰাজহুৱা সম্বর্ধনা অনুষ্ঠানত ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট টাই পণ্ডিতগৰাকীক লৈ আটাছুৰ উদ্যোগত আৰু শিমলুগুৰিবাসী ৰাইজে শিমলুগুৰি নগৰৰ মাজমজিয়াত গায়ণ-বায়নেৰে এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। আটাছুৰ উপৰিও জন্মস্থান শিমলুগুৰিৰ স্থানীয় বহু কেইটা সংগঠনে সম্বর্ধনা জনায়।