১৩ বছৰীয়া বীণাই সন্তানক এৰি ৬০ দিনৰ মূৰকত পৃথিৱীৰ পৰা মেলানি মাগিলে

শোণিতপুৰঃ এগৰাকী অসহায় ১৩ বছৰীয়া কিশোৰীয়ে ৬০ দিন চিকিৎসালয়ৰ বিছনাত পৰি অন্তিম মুহূৰ্তত এই পৃথিৱীৰ পৰা মেলানি মাগিলে৷ বুকুত অযুত বেদনালৈ মেলানি মাগিলে পৃথিৱীৰ পৰা৷ এক কৰুণ জীৱনৰ পৰিসমাপ্তি ঘটিল বীণা বৰ্মণ (গৌড়) নামৰ বোৱাৰাগৰাকীৰ। দুইমাহ ধৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ ২৮নং বিচনাত শুই বাট চাই আছিল আপোনজনলৈ৷

কিজানি স্বামী আহি মৰমৰ মাত এষাৰ দিব অন্যথা কোনো আত্মীয় আহি মৰমেৰে মূৰত হাত বুলাই কৃত্ৰিম ধমক দি খুৱাই দিব আহাৰ। খুৱাই দিব পথ্য। কিন্তু নাহিল কোনো! হয়তো সেই ক্ষোভ আৰু হৃদয়হীন সমাজখনৰ প্ৰতি বিতৃষ্ণা জন্মায় বীণাই ঔষধ আৰু পুষ্টিকৰ খাদ্য খাবলৈ এৰিছিল। যাৰ পৰিণতিত ৰক্তহীনতাত ভূগি মৃত্যুক সাৱটিলে।

পৰিতাপৰ কথা এয়ে যে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখে ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ঔবাৰী গাঁৱৰ বীণা বৰ্মণে জন্ম দিছিল এটি পুত্ৰ সন্তান। চিকিৎসালয়লৈ অনাৰ প্ৰয়োজনবোধ নকৰাকৈ স্বামী গৃহতেই বীণাই সন্তান প্ৰসৱ কৰাৰ ফলত তীব্ৰ ৰক্তক্ষৰণ হৈছিল। ১১ ছেপ্তেম্বৰৰ দিনা তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত স্বামীয়ে ঔবাৰী গাঁৱৰ আশা কৰ্মীগৰাকীৰ সহায়ত ভৰ্তি কৰে।

কিন্তু আশ্বৰ্যজনকভাৱে স্বামী ৰাজু বৰ্মণ অথবা স্বামীৰ পৰিয়ালৰ কোনো লোক সেইদিনাৰ পৰা মৃত্যু পৰ্যন্ত দেখা দিবলৈ নাহিল। আপোনজনৰ অনাদৰ অৱহেলাৰ বাবেই এগৰাকী কম বয়সীয়া চাহ জনজাতি সম্প্ৰদায়ৰ সহজ-সৰল বোৱাৰীয়ে মৃত্যুক সাৱটি ললে। আনহাতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত চিকিৎসক, নাৰ্চ সমন্বিতে চিকিৎসা কৰ্মীয়ে যত্ন লোৱাৰ বাবেই ৰক্তহীনতাত ভূগি থকা বীণাই প্ৰায় দুমাহ জীয়াই আছিল বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে।

তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ ৰাজেন্দ্ৰ কুমাৰ কলিতা, উপ-অধীক্ষক ডাঃ ফনীধৰ শৰ্মাৰ লগতে চিকিৎসকসকলে নিয়মিত পৰীক্ষা-নিৰীক্ষা কৰি আছিল। কিন্তু আজি পুৱতি নিশা ২.৩০ বজাত হঠাত শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট পোৱাত 'ইমাৰজেঞ্চি আইচিইউ'ত ভৰ্তি কৰি অক্সিজেন দিয়ে আৰু পুৱা ৭ বজাত বীণাই কৰুণভাৱে মৃত্যুক সাৱটি ল'ব লগা হয়।

উল্লেখযোগ্য যে এই প্ৰতিবেদক যোৱাকালি নতুন চিন্তা কাকতৰ কাৰ্যবাহী সম্পাদক তথা হোৱাট্ছএপ গ্ৰুপ 'সহায়ৰ হাত'ৰ সদস্য অৰূপজ্যোতি নাথ আৰু শিক্ষক জ্যোতিৰঞ্জন বড়োক লগত লৈ বীণা বৰ্মণক সাক্ষৎ কৰিব যাওঁতে স্বাভাৱিক অৱস্থাতেই আছিল। 'সহায়ৰ হাত' গ্ৰুপে কিছুদিনৰ পৰা বীণাক তদাৰক কৰি আহিছিল আৰু ৬ ছেপ্তেম্বৰত 'সহায়ৰ হাত'ৰ সদস্য নয়নজ্যোতি বসুমতাৰীৰ লগতে বিজেপি যুৱ মৰ্চা বিহগুৰি মণ্ডল সমিতিয়েও ৰক্তদান কৰিছিল।

বীণা বৰ্মণৰ কাহিনী সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই অসমৰ বিভিন্ন প্ৰান্তৰ হৃদয়বান ব্যক্তিয়ে সহযোগৰ আশ্বাসেৰে কিছু পৰিমাণে আৰ্থিক সাহাৰ্যও বীণাৰ বাবে আগবঢ়াইছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! বীণাই সদ্যোজাত শিশুটি এৰি এই সংসাৰৰ পৰা গুচি গল। তাৎক্ষণিকভাৱে ঠেলামৰা আৰক্ষী থানাৰ বিষয়াই বীণাৰ পৰিয়ালৰ দুগৰাকী ব্যক্তি আৰু গাঁওবুঢ়াক লৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত উপস্থিত হয় আৰু শৱদেহটো মৰনোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে।

বীণাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই সংবাদ মাধ্যমৰ মানুহ আহি চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতেই শিশুটিৰ দায়িত্ব লবৰ বাবে শোণিতপুৰ জিলা চাইল্ড ৱেলফেয়াৰৰ কৰ্মী আহি উপস্থিত হয়। ইয়াৰ পিছতেই চাইল্ড ৱেলফেয়াৰৰ কৰ্মীয়ে তেজপুৰ মূঢ়াটেটেলিৰ এইট ব্ৰাদাৰ্চ নামৰ চৰকাৰী পঞ্জীয়নভূক্ত সংস্থাটিক শিশুটিৰ দায়িত্ব অৰ্পণ কৰে। ৰাজু বৰ্মণ নামৰ পাষাণ হৃদয়ৰ যুৱকজনে ইয়াৰ পূৰ্বে তিনিগৰাকী যুৱতীক প্ৰলোভন দি বিবাহপাশত আবদ্ধ কৰে।

কিছুদিন সংসাৰ কৰি কোনোবাগৰাকীক ৰেলৱে ষ্টেচন নাইবা কোনো ঠাইত বনুৱা হিচাপে কাম কৰিবলৈ নিয়াৰ অজুহাত দেখুৱাই এৰি থৈ আহে। আনহাতে এগৰাকী পত্নীয়ে অত্যাচাৰ সহিব নোৱাৰি ৰাজু বৰ্মণৰ সম্পৰ্কীয় এগৰাকীৰ লগত পলায় যোৱাৰ কথাও গাঁওবাসীয়ে অভিযোগ কৰিছে। এনে এজন পাষণ্ড যুৱকক এই পৰ্যন্তও আৰক্ষী-প্ৰশাসনে কিয় কৰায়ত্ত কৰিব পৰা নাই সেই লৈও সন্দেহৰ সৃষ্টি হৈছে।